ETV Bharat / bharat

ইতিহাস হোৱাৰ দিশে জম্মু কাশ্মীৰ বিধানসভা - বিশেষ ৰাজ্যৰ মৰ্যদা

জম্মু-কাশ্মীৰৰ সাধাৰণ প্ৰশাসন বিভাগে ইয়াৰ 116 জনীয়া বিধানসভা ভংগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ অনুচ্ছেদ 370 আৰু 35(A) বাতিলৰ পিচত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰা জম্মু-কাশ্মীৰৰ বিধানসভা আগন্তুক 22 অক্টোবৰৰ ভিতৰত ভংগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বিভাগটোৱে ৷

জম্মু কাশ্মীৰ বিধানসভা ভংগৰ নিৰ্দেশনা
author img

By

Published : Oct 17, 2019, 5:45 PM IST

নিউজ ডেস্ক, 17 অক্টোবৰঃ জম্মু-কাশ্মীৰৰ 116 জনীয়া বিধানসভা ভংগ কৰিবলৈ আনুষ্ঠানিক নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)এ ৷ বৃহস্পতিবাৰে চৰকাৰীভাৱে অধিসূচনা জাৰি কৰি অহা 22 অক্টোবৰৰ ভিতৰত বিধানসভাৰ সদস্যসকলক বিভাগটোৰ ওচৰত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিভাগটোৱে ৷

লগতে পঢ়কঃ সিংহৰ মুখৰ পৰা কথমপি বাচি আহিল যুৱক !ক'ত ,কেনেকৈ চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদনঃ

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ কৰি বিশেষ ৰাজ্যৰ মৰ্যদা বাতিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিচতেই জম্মু-কাশ্মীৰক জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি অহা 31 অক্টোবৰৰ পৰা এই নীতি কাৰ্যকৰী হৈ পৰিব জম্মু-কাশ্মীৰত ৷ জম্মু-কাশ্মীৰত বিধানসভা আৰু লাডাখত বিধানসভা অবিহনে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে বিগত 5 আগষ্টত ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

লগতে পঢ়কঃ বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী

1957 চনত 36গৰাকী সদস্যৰে প্ৰথমবাৰৰ বাবে গঠন হোৱা জম্মু-কাশ্মীৰ বিধানসভা অৱশেষত 62 বছৰৰ পিচত ইতিহাস হোৱাৰ দিশে আগবাঢ়িছে ৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনাৰ পিচতে এই কথা স্পষ্ট হৈ পৰিছে ৷ জম্মু-কাশ্মীৰ চৰকাৰৰ সচিব ফাৰুক আহমেদ ল'নে জাৰি কৰা নিৰ্দেশনাটোত বিধানসভাৰ সকলো চৰকাৰী বাহন, ৰাজ্যিক মটৰ গেৰেজ বিভাগৰ নিৰ্দেশকক জমা দিবলৈ কোৱা হৈছে ৷ লগতে বিধানসভা ভৱনৰ লগতে ইয়াৰ সকলো আচবাব তথা ইলেকট্ৰনিক সামগ্ৰী জমা দিবলৈ কোৱা হৈছে ৷ জম্মু-কাশ্মীৰ (পুনৰগঠন) আইন, 2019ৰ ধাৰা 57ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনিক বিভাগে ৷ ইয়াৰ দ্বাৰাই বিধানসভাৰ সকলোধৰণৰ নথি-পত্ৰৰ লগতে অন্যান্য সামগ্ৰীসমূহ এতিয়াৰে পৰা আইন আৰু ন্যায় বিভাগৰ লগতে সংসদীয় পৰিক্ৰমা বিভাগলৈ হস্তান্তৰিত কৰিবলৈ কোৱা হৈছে ৷

Intro:Body:

ইতিহাস হোৱাৰ দিশে জম্মু কাশ্মীৰ বিধানসভা 

জম্মু-কাশ্মীৰৰ সাধাৰণ প্ৰশাসন বিভাগে ইয়াৰ 116 জনীয়া বিধানসভা ভংগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ অনুচ্ছেদ 370 আৰু 35(A) বাতিলৰ পিচত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰা জম্মু-কাশ্মীৰৰ বিধানসভা আগন্তুক 22 অক্টোবৰৰ ভিতৰত ভংগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বিভাগটোৱে ৷ 

নিউজ ডেস্ক, 17 অক্টোবৰঃ জম্মু-কাশ্মীৰৰ 116 জনীয়া বিধানসভা ভংগ কৰিবলৈ আনুষ্ঠানিক নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ সাধাৰণ প্ৰশাসন বিভাগ (GAD)এ ৷ বৃহস্পতিবাৰে চৰকাৰীভাৱে অধিসূচনা জাৰি কৰি অহা 22 অক্টোবৰৰ ভিতৰত বিধানসভাৰ সদস্যসকলক বিভাগটোৰ ওচৰত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিভাগটোৱে ৷ 

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ কৰি বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিচতেই জম্মু-কাশ্মীৰক জম্মু-কাশ্মীৰ আৰু লাডাখ হিচাপে দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি অহা 31 অক্টোবৰৰ পৰা এই নীতি কাৰ্যকৰী হৈ পৰিব জম্মু-কাশ্মীৰত ৷ জম্মু-কাশ্মীৰত বিধানসভা আৰু লাডাখত বিধানসভা অবিহনে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে বিগত 5 আগষ্টত ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ 

1957 চনত 36গৰাকী সদস্যৰে প্ৰথমবাৰৰ বাবে গঠন হোৱা জম্মু-কাশ্মীৰ বিধানসভা অৱশেষত 62 বছৰৰ পিচত ইতিহাস হোৱাৰ দিশে আগবাঢ়িছে ৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশনা পিচতে এই কথা স্পষ্ট হৈ পৰিছে ৷ জম্মু-কাশ্মীৰ চৰকাৰৰ সচিব ফাৰুক আহমেদ ল'নে জাৰি কৰা নিৰ্দেশনাটোত বিধানসভাৰ সকলো চৰকাৰী বাহন ৰাজ্যিক মটৰ গেৰেজ বিভাগৰ নিৰ্দেশকক জমা দিবলৈ কোৱা হৈছে ৷ লগতে বিধানসভা ভৱনৰ লগতে ইয়াৰ সকলো আচবাব তথা ইলেকট্ৰনিক সামগ্ৰী জমা দিবলৈ কোৱা হৈছে ৷ জম্মু-কাশ্মীৰ (পুনৰগঠন) আইন, 2019ৰ ধাৰা 57ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনিক বিভাগে ৷ ইয়াৰ দ্বাৰাই বিধানসভাৰ সকলোধৰণৰ নথি-পত্ৰৰ লগতে অন্যান্য সামগ্ৰীসমূহ এতিয়াৰে পৰা আইন আৰু ন্যায় বিভাগৰ লগতে সংসদীয় পৰিক্ৰমা বিভাগলৈ হস্তান্তৰিত কৰিবলৈ কোৱা হৈছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.