ETV Bharat / bharat

দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ABVPৰ শিক্ষাৰ্থী সকলৰ শান্তি সমদল

author img

By

Published : Feb 28, 2020, 11:09 PM IST

জেএনইউসহ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু স্থানীয় বাসিন্দাসকলে জন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শান্তি সমদল উলিয়ায় ৷ তেওঁলোকে কনিষ্টবল ৰতন লাল আৰু বিষয়া অংকিত শৰ্মাৰ প্ৰতিচ্ছবি লৈ এই সমদল উলিয়ায় ৷

ABVP ৰ শিক্ষাৰ্থী সকলৰ শান্তি সমদল
ABVP ৰ শিক্ষাৰ্থী সকলৰ শান্তি সমদল

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জেএনইউসহ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু স্থানীয় বাসিন্দাসকলে বৃহস্পতিবাৰে অশোক ৰোডৰ জন্তৰ মন্তৰৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শান্তি সমদল উলিয়ায় ৷ সমদলটো সন্ধিয়া 6.40 বজাৰ ভিতৰত কনিষ্টবল ৰতন লাল আৰু আইবি বিষয়া অংকিত শৰ্মাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে উলিওৱা হয় ৷ তেওঁলোকে পতাকাৰ লগতে কনিষ্টবল ৰতন লাল আৰু বিষয়া অংকিত শৰ্মাৰ প্ৰতিচ্ছবি লৈ এই সমদল উলিয়ায় ৷

দিল্লীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ABVP ৰ শিক্ষাৰ্থী সকলৰ শান্তি সমদল

চলিত সপ্তাহত পূৰ্বোত্তৰ দিল্লীত হিংসাত্মক ঘটনাৰ পূৰ্বে বিজেপি নেতা কপিল মিশ্ৰাই অশালীন মন্তব্য কৰা বিষয়ো তেওঁলোকৰ এই শান্তি সমদলৰ অংশ আছিল ৷ দেওবাৰে উত্তৰ-পূৱ দিল্লীৰ বিভিন্ন অঞ্চল মৌজপুৰ, জাফৰাবাদ, বাবৰপুৰ, যমুনা বিহাৰ, শিৱ বিহাৰ, চান্দবাগ, ঘোণ্ডাত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 38 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 200তকৈয়ো অধিক লোক আহত হয় ৷

বিচাৰপতি এছ মুৰলীধৰৰ নেতৃত্বত দিল্লী উচ্চ ন্যায়ালয়ৰ এটি বিচাৰপীঠে বুধবাৰে বিজেপি নেতৃবৃন্দ পাৰ্ভেস বৰ্মা, মিশ্ৰ আৰু অনুৰাগ ঠাকুৰৰ অশালীন বক্তৃতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ এক গোচৰ ৰুজু কৰাত ব্যৰ্থ হোৱাৰ বাবে দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ CAA ৰ বিৰুদ্ধে আন্দোলন কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত বিদেশী ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.