ETV Bharat / bharat

অসমৰ ছয় জনগোষ্ঠীলৈ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধীতা এবছুৰ - ABSU opposes ST status to Six communities of Assam

অসমৰ ছয় জনগোষ্ঠীলৈ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধীতা কৰে এবছুয়ে ৷ এই সম্পৰ্কে মন্তব্য আগবঢ়ায় এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে ৷

এবছুৰ সভাপতি
প্ৰমোদ বড়ো
author img

By

Published : Dec 6, 2019, 11:54 PM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ : অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধাচৰণ কৰিছে এবছু (ABSU) য়ে ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে মন্তব্য কৰে যে, তেওঁৰ সন্থাই অসমৰ ছয় জনগোষ্ঠী কোচ ৰাজবংশী, তাই আহোম, চুতীয়া, মটক, মৰান আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰোধীতা কৰি যাব ৷

"এই সম্প্ৰদায় কেইটাক অনুসূচিত জনজাতিৰ মৰ্যাদাৰ প্ৰয়োজন নাই ৷ তেওঁলোক কোনো সুবিধাৰ পৰাই বঞ্চিত নহয় ৷ তেওঁলোকে সমাজৰ সকলো সা-সুবিধা লাভ কৰি আহিছে" - প্ৰমোদ বড়ো ৷

প্ৰমোদ বড়ো

এই ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে পূৰ্বৰ পৰা এই মৰ্যাদা লাভ কৰি অহা সকলৰ পৰিচয়ত ব্যাঘাত জন্মিব ৷

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন চৰকাৰে সংবিধান (অনুসূচিত জনজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, 2019 ৰাজ্যসভাত উত্থাপন কৰিছিল ৷ এই বিধেয়কখনে অসমৰ ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷

কিন্তু উচ্চ সদনত বিজেপি দলৰ সদস্য কম হোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে বিধেয়কখন গৃহীত নহ'ল ৷

অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰাটো অসমৰ ছয়টা সম্প্ৰদায়ৰ বহু পুৰণি দাবী ৷

এই বছৰৰ আগভাগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কেইবাজনো মন্ত্ৰীৰ এটা দল গঠন কৰি এই ছয়টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু সাহিত্যক সুৰক্ষিত কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ৰাজ্যিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই মন্ত্ৰীৰ দলটোৱে বৰ্তমানলৈকে কোনো প্ৰতিবেদন দাখিল কৰা নাই ৷

এই সম্পৰ্কত কোচ ৰাজবংশীৰ নেতা ত্ৰৈলোক্য ৰায়ে কয়, "এয়া কোচ ৰাজবংশী আৰু অন্য পাঁচ সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৷"

ইয়াৰ বাবে বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ অন্যতম দল বড়োলেণ্ড পিপল ফ্ৰন্টে (বিপিএফ) বিষয়টো ৰাজনৈতিক দিশলৈ ঠেলি নিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে ত্ৰৈলোক্য ৰয়ে ৷

ৰয়ে কয়, "অসমৰ বিধানসভাত বিপিএফৰ 12 জন বিধায়ক আৰু ৰাজ্যসভাত এজন সাংসদ আছে... তেওঁলোক বিজেপি চৰকাৰৰ অংশীদাৰ...চৰকাৰে অতি সোনকালে আমাক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে তেওঁলোকে 2021 ৰ নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব ৷"

উল্লেখযোগ্য যে, তাই আহোম সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ বৰ্তমানৰ আলোচনাপন্থী উগ্ৰপন্থী সংগঠন আলফাইও অতীতৰে পৰা দাবী জনাই আহিছিল ৷

অনুসূচিত জনজাতিৰ মৰ্যাদাই শিক্ষা, জলপানি, চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণ, চৰকাৰী আঁচনিত বিশেষ সুবিধা প্ৰদান কৰাত সহায় কৰে ৷

এই মৰ্যাদা দাবী কৰা সকলো সম্প্ৰদায়ে এই বুলিও মন্তব্য কৰে যে, তেওঁলোকে অনুসূচিত জনজাতিৰ সকলো মাপকাঠী সম্পূৰ্ণ কৰিছে ৷

এবছুৰ উপৰি অন্য 19 টা অনুসূচিত জনজাতিয়ে এই ছয় জনজাতিলৈ বিশেষ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰিছে ৷

Intro:New Delhi: Against Centre's reported move of giving scheduled tribe (ST) status to six communities of Assam, the influential All Bodo Students Union (ABSU) has vouched to oppose such move.

Body:Taking to ETV Bharat, Pramod Boro, president of ABSU said that his organisation will oppose such move of giving ST tag to six Assam communities including Koch Rajbongshi, Tai Ahom, Chutia, Matak, Moran and Tea Tribes.

"These communities does not need ST. They are not depriving of anything. In fact, they're in the mainstream of the society," said Boro.

He said that the move of giving ST status to these six communities, will destroy the identity of the already existing ST communities in the state.

In January, the BJP government had introduced the Constitution (Scheduled Tribes) Order (Amendment) Bill, 2019 in the floor of the Rajya Sabha to grant ST status to six communities of Assam. The Bill proposed the inclusion of these six communities as ST.

But the Bill was not passed due to the protest and lack of numbers of BJP members in the Upper House .

In fact, getting ST status is a long pending demand of the six communities.

Earlier this year, BJP led Assam Government has constituted a Group of Ministers (GoM) to expedite the process of giving safeguard to the language, culture and literature of these six communities. However the GoM minister headed by state minister Himanta Biswa Sharma is yet to submit its report.

"This is a political conspiracy of not giving ST status to Koch Rajbonghshi and five other communities," said Koch Rajbongshi leader Trailokya Ray.

He accused the Bodoland People Front (BPF), an ally of the ruling BJP Governmnet in Assam in 'politicizing' the matter.

"BPF has 12 MLAs in Assam Assembly and one Rajya Sabha MP...they are the partner of the BJP government...if Government can't give us ST at the ealrierst, they will face music ahead of the 2021 Assembly election," said Ray.

Interestingly, granting ST status to Tai Ahom community of Assam is also a demand of the pro-talk faction of United Liberation Front of Assam (Ulfa), a rebel outfit, currently in talks with the government.

The ST status will offer education, scholarships, reservation in jobs, besides special benefits from government schemes.

Conclusion:The communities demanding ST also claimed that they fulfill all the criteria required to get ST.

"We fulfill all the criteria for getting ST status..." said Rajbongshi leader Ray.

The criteria presently followed for specification of a community as a Scheduled Tribe are 1. indications of a primitive traits. 2. distinctive culture. 3. geographical isolation. 4. shyness of contact with the community at large and 5. backwardness.

However, along with ABSU, as many as 19 ST communities have been opposing the ST status to the six communities saying they didn't fulfill the criteria.

end.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.