নিউজ ডেস্ক, 22 অক্টোবৰ : পৃথক গোৰ্খা ৰাজ্যৰ দাবী উত্থাপন কৰি ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰা গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰধান বিমল গুৰুঙক বুধবাৰে কলকাতাত প্ৰত্যক্ষ কৰা হয় ৷ 2017 চনৰ পৰা পলাতক হৈ থকা গুৰুঙৰ বিৰুদ্ধে ইউএপিএ আইনকে ধৰি 150টাৰো অধিক গোচৰ ৰুজু হৈ আছে ৷ বুধবাৰে কলকাতাৰ ছল্ট লেকস্থিত গোৰ্খা ভৱনত প্ৰত্যক্ষ কৰা হয় গুৰুঙক ৷ এক সংবাদমেল সম্বোধন কৰিবলৈ গোৰ্খা ভৱনত আহি উপস্থিত হয় গুৰুঙ ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত আছিল যদিও গুৰুঙক আটক কৰাৰ পৰা বিৰত থাকে ৷ ধাৰণা কৰা হৈছে যে,পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই গুৰুং এইদৰে ওলাই অহাটোৱে এক ৰাজনৈতিক সমীকৰণৰে অংশ ৷ অৱশ্যে গোৰ্খা ভৱনৰ বিষয়াই তেওঁৰ প্ৰৱেশত বাধা প্ৰদান কৰে ৷
2017 চনত পৃথক গোৰ্খা ৰাজ্যৰ দাবীৰে দাৰ্জিলিঙত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৰুঙে ৷ তেতিয়াৰ পৰাই তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পৰা ৰক্ষা পৰিবলৈ পলায়ন কৰি আছিল গোৰ্খা জনমুক্তি মৰ্চাৰ অধ্যক্ষগৰাকী ৷
লগতে পঢ়ক : ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি