ETV Bharat / bharat

অনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে

ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ অনুসৰি, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটো ঐতিহাসিক ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰে ভাৰতৰ পশ্চিম সীমান্তৰ পৰা চলি অহা দীৰ্ঘম্যাদী ছায়া যুদ্ধক একপ্ৰকাৰ স্তব্ধ কৰি তীব্ৰ প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Jan 16, 2020, 12:29 PM IST

Abrogation of Article 370 'historic', says Army chief
অনুচ্ছেদ 370 প্ৰত্যাহাৰ ঐতিহাসিকঃ স্থলসেনা প্ৰধান জেন. নাৰাভানে

নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটো ঐতিহাসিক সিদ্ধান্ত ৷ ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে বুধবাৰে স্থলসেনা দিৱস উপলক্ষে এই কথা উল্লেখ কৰে ৷

Abrogation of Article 370 'historic', says Army chief
স্থলসেনা প্ৰধান জেন. নাৰাভানে

ভাৰতৰ পশ্চিম সীমান্তৰ পৰা দীৰ্ঘদিন ধৰি পাকিস্তানে চলাই অহা ছায়া যুদ্ধৰ অৱসান ঘটাবলৈ এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক প্ৰমাণিত হৈছে ৷ ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য়-সহনশীলতাৰ বিষয়ে বিশ্ববাসীৰ লগতে পাকিস্তানে জ্ঞাত হোৱাটো উচিত ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাটোৱে জম্মু-কাশ্মীৰক দেশবাসীৰ সৈতে সংযুক্ত কৰিব ৷ জম্মু-কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি অহা ছায়া যুদ্ধনীতিত ব্যাঘাত অহাৰ লগতে পাকিস্তানে সন্ত্ৰাসবাদক যোগাই অহা উদগনিত যতি পৰিব বুলিও স্থল সেনাধ্যক্ষগৰাকীয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে, স্থলসেনা দিৱসৰ পূৰ্বে হোৱা সংবাদমেলত সেনাধ্যক্ষগৰাকীয়ে, সংসদীয় দলে নিৰ্দেশ প্ৰদান কৰিলে পাকিস্তান অধ্যুষিত কাশ্মীৰ দখল কৰিবলৈ স্থলসেনা সাজু আছে বুলি কৈছিল ৷

Intro:Body:

https://www.aninews.in/news/national/general-news/army-chief-calls-abrogation-of-art-370-historic-step-says-decision-affected-plans-of-pakistan-its-proxies20200115120826/

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.