ETV Bharat / bharat

'আম আদমী পাৰ্টি'য়ে ছয়খন ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব - ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে

'আম আদমী পাৰ্টি'ৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে যে 'আম আদমী পাৰ্টি'য়ে ছয়খন ৰাজ্যৰ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু গুজৰাটৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ।

'আম আদমী পাৰ্টি'য়ে ছয়খন ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব

author img

By

Published : Jan 28, 2021, 5:41 PM IST

নিউজ ডেস্ক , ২৮ জানুৱাৰী : দেশৰ কেইবাখনো ৰাজ্য়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত 'আম আদমী পাৰ্টি'ৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ ঘোষণা । তেওঁ ঘোষণা কৰে যে 'আম আদমী পাৰ্টি'য়ে ছয়খন ৰাজ্যৰ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু গুজৰাটৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ।

দলটোৰ নৱম পৰিষদৰ বৈঠকত এই ঘোষণা কৰে দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে । কেজৰিৱালৰ মতে বেলেগ দল সমূহৰ কোনো লক্ষ্য় নাই যাৰ বাবে তেওঁলোকে অতীতৰ কথা কৈ থাকে কিন্তু আপ দলৰ ২১ আৰু ২২ শতিকাকলৈ বহু লক্ষ্য় আছে যাৰ বাবে দলটোৱে কেৱল ভৱিষ্য়তৰ কথাহে কয় ।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰাৰ লগতে তেওঁ দলৰ সদস্য় সকলক তৃণমূল পৰ্যায়ত দলটোক অধিক শক্তিশালী কৰাৰ বাবে আহ্বান জনায় । লগতে তেওঁ কয় যে দেশখন দলটোৰ বাবে গুৰুত্বপূৰ্ণ আৰু আপ হৈছে ইয়াৰ বাহন সেয়ে দলটোৰ বিকাশৰ দিশত আৰু অধিক কাম কৰিব লাগিব বুলিও মন্তব্য় কৰে ৰাষ্ট্ৰীয় আহ্বায়ক গৰাকীয়ে ।

লগতে পঢ়ক :কেন্দ্ৰৰ প্ৰৰোচনাত দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছে : শিৱসেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.