ETV Bharat / bharat

গুজৰাটত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী - জামছেদপুৰৰ

ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহীমৰ অন্য়তম সহযোগী আব্দুল মাজিদ কুট্টী । ২৪ বছৰ ধৰি পলাতক আব্দুল মাজিদ কুট্টীক গুজৰাটৰ এন্ট্য়ি টেৰ'ৰিজিম স্কোৱাডে গ্ৰেপ্তাৰ কৰে ।

গুজৰাটত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী
গুজৰাটত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী
author img

By

Published : Dec 27, 2020, 7:23 PM IST

নেশ্য়নেল ডেস্ক , ২৭ ডিচেম্বৰ : সন্ত্ৰাসবাদৰ বিৰুদ্ধে গুজৰাটৰ এন্ট্য়ি টেৰ'ৰিজিম স্কোৱাডৰ বৃহৎ সফলতা । দলটোৱে শনিবাৰে ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহীমৰ অন্য়তম সহযোগী আব্দুল মাজিদ কুট্টীক গ্ৰেপ্তাৰ কৰে । ১৯৯৭ চনৰ গণতন্ত্ৰ দিৱসত গুজৰাট আৰু মহাৰাষ্ট্ৰত বোমা বিস্ফোৰণৰ বাবে এটা পাকিস্তানী এজেঞ্চিৰ নিৰ্দেশত সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহীমৰ হৈ বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ গুৰুতৰ অভিযোগ আছে আব্দুল মাজিদ কুট্টীৰ বিৰুদ্ধে । ১০৬ টা পিষ্টল, ৭৫০ টা সজীৱ কাৰ্টিজ আৰু ৪ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ।

উল্লেখ যে ১৯৯৩ চনৰ মুুম্বাই আক্ৰমণৰ মূল অভিযুক্ত গেংষ্টাৰ ডাউদ ইব্ৰাহীম, যাৰ বহুখিনি সম্পত্তি ইতিমধ্য়ে যোৱা ১০ নবেম্বৰত নিলাম কৰা হৈছে । সেই গেংষ্টাৰ ডাউদ ইব্ৰাহীমৰে সহযোগী আছিল আব্দুল মাজিদ কুট্টী ।

তথ্য় অনুসৰি যোৱা ২৪ বছৰ ধৰি পলাতক হৈ থকা আব্দুল মাজিদ কুট্টী বহু বছৰ ধৰি গোপনে ঝাৰখণ্ডত বাস কৰি আছিল ।

লগতে পঢ়ক : পঞ্জাৱত কৃষকৰ অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.