ETV Bharat / bharat

৯০ শতাংশ কৃষকে প্ৰতিবাদ অব্যহত ৰাখিব নিবিচাৰে : বাৰ কাউন্সিল অৱ ইণ্ডিয়া

author img

By

Published : Jan 14, 2021, 1:48 PM IST

বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ চেয়াৰমেন মনন কুমাৰ মিশ্ৰই কয় যে, উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি তিনি খনকৈ কৃষি আইনৰ কাৰ্যকৰীকৰণ স্থগিত কৰিছে ।

৯০ শতাংশ কৃষকে প্ৰতিবাদ অব্যহত ৰাখিব নিবিচাৰে বুলি প্ৰকাশ কৰিছে মনন কুমাৰ মিশ্ৰই

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী : উচ্চতম ন্যায়ালয়ে তিনি খন কৃষি আইনৰ কাৰ্যকৰীকৰণ স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতে বহু কৃষকে প্ৰতিবাদ অব্যাহত ৰখাত আপত্তি দৰ্শাইছে বুলি প্ৰকাশ কৰিছে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই । বুধবাৰে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ চেয়াৰমেন মনন কুমাৰ মিশ্ৰই কয় যে, 'সকলোৱে জানে যে উচ্চতম ন্যায়ালয়ে কৃষি আইন ৰূপায়ণ স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছত ৯০ শতাংশ শান্তিপ্ৰিয় কৃষকে এতিয়া প্ৰতিবাদ অব্যাহত ৰাখিব বিচৰা নাই । কিন্তু দেশত অশান্ত পৰিস্থিতি সৃষ্টি কৰি ৰাজনৈতিক লাভালাভ বিচৰা লোকসকলে এতিয়াও কৃষক বিদ্ৰোহ অব্যহত ৰখাতো বিচাৰে' ।

তেওঁ লগতে কয় যে, লগতে দেশৰ ভাল চিন্তা কৰা নাগৰিকে কৃষকৰ সমস্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ শলাগ লৈছে । দেশৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা পদক্ষেপত ঐতিহাসিক পদক্ষেপ আখ্যা দিয়ে মনন কুমাৰ মিশ্ৰই । প্ৰচণ্ড ঠাণ্ডা আৰু কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতো প্ৰতিবাদ কৰি থকা কৃষক আৰু তেওঁলোকৰ পৰিয়ালৰ জ্যেষ্ঠ, মহিলা আৰু কণমানি শিশুৰ জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে ।

প্ৰতিবাদ কৰিবলৈ আহি বহু কৃষকে হাঁড় কঁপোৱা জাৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুওৱা, আত্মহত্যা কৰাৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ে তিনিওখন কৃষি আইনৰ কাৰ্যকৰীকৰণ স্থগিত কৰাৰ নিৰ্দেশ দিয়ে । বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ চেয়াৰমেনগৰাকীৰ মতে, এতিয়া কৃষকে প্ৰতিবাদ প্ৰত্যাহাৰ কৰা উচিত । লগতে উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে কিছুমান ৰাজনৈতিক দলৰ নেতাই তৰল মন্তব্য কৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । তেওঁ কয় যে, ৰাজনৈতিক নেতাৰ কিছুমান মন্তব্যই সূচাইছে যে, তেওঁলোকে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত কৃষকক সমৰ্থন জনাই আহিছিল । সমস্যা সমাধান কৰাতো এইসকল লোকৰ উদ্দেশ্য নহয়, তেওঁলোকে কেৱল এই প্ৰতিবাদৰ পৰা নিজৰ লাভলাভ হোৱাতো বিচাৰে আৰু প্ৰতিবাদী কৃষকক ভুল পথ দেখুৱাইছে ।

কৃষক বিদ্ৰোহক লৈ দেশত সৃষ্টি হোৱা সংকটৰ সময়ত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সমগ্ৰ দেশবাসী উচ্চতম ন্যায়ালয়ৰ ওচৰত কৃতজ্ঞ বুলিও মন্তব্য কৰে মিশ্ৰই । উল্লেখ্য যে, মঙলবাৰে উচ্চতম ন্যায়ালয়ে কৃষি আইন ৰূপায়ণ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল । লগতে এই তিনিখন আইন সন্দৰ্ভত আলোচনা কৰাৰ বাবে ৪ জনীয়া কমিটী গঠন কৰি দিয়ে । যোৱা ২৬ নৱেম্বৰৰ পৰা কৃষকসকলে তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:মাঘ বিহু-মকৰ সংক্ৰান্তি-পংগালৰ শুভেচ্ছা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.