নিউজ ডেস্ক, 8 আগষ্টঃ স্বাধীনতা দিৱসৰ পূৰ্বে বৃহস্পতিবাৰে নিশা 8 বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক আৰু অনুচ্ছেদ 370ৰ লগতে চৰকাৰৰ বিভিন্ন নীতিৰ ওপৰত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ ইয়াৰ উপৰিও জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰা বিষয়টো সন্দৰ্ভটো ব্যাখ্যা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে ৷
ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ সময়ত মাৰ্চ মাহৰ 27 তাৰিখে দেশবাসীক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷ কৃত্ৰিম উপগ্ৰহ বিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণৰ সময়ত এটা জীৱিত কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰিছিল ভাৰতে ৷ সেই সময়তে ভাৰতবাসীক সম্বোধন কৰি দেশবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছিল ৷