নিউজ ডেস্ক, ১৪ জুনঃ উত্তৰ প্ৰদেশৰ সম্বল জিলাৰ গুন্নাউৰ অঞ্চলত দুৰ্ঘটনাত পতিত হয় এখন প্ৰব্ৰজনকাৰী শ্ৰমিক কঢ়িয়াই নিয়া বাহন। এখন ট্ৰাকৰ সৈতে শ্ৰমিক কঢ়িয়াই নিয়া বাহনখনৰ খুন্দা লগাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাৰ ঘটনা। এই দুৰ্ঘটনাৰ ফলত আহত হয় ৮ জনকৈ শ্ৰমিক।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক হাস্পতালত ভৰ্তি কৰায়। আহতসকলৰ পাঁচজনক চিকিৎসকে সংকটমুক্ত বুলি উল্লেখ কৰাৰ বিপৰীতে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ শ্ৰমিক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই কথা।