নিউজ ডেস্ক, 10 এপ্ৰিলঃ আঠগৰাকী ইণ্ডোনেচিয়াৰ নাগৰিকক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় । ভিছাৰ নিয়ম ভংগৰ অভিযোগত গ্ৰেপ্তাৰ কৰে লোক কেইজনক । তামিলনাডুত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় লোক কেইজন । লক ডাউনৰ মাজত ধৰ্মীয় সভাত অংশ ল'বলৈ গৈ নিয়ম ভংগ কৰিছিল লোককেইজনে ।
ইণ্ডোনেচিয়াৰ নাগৰিক কেইজনক আশ্ৰয় প্ৰদান কৰা স্থানীয় লোকজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰি আটাইকেইজন লোককে কোৱাৰেন্টাইন কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ।
বিদেশী নাগৰিক কেইজনে 22 মাৰ্চত দিল্লীত ধৰ্মীয় সভাত অংশ লৈছিল । চিআৰপিচি ৰ 144 ধাৰা ভংগৰ অভিযোগত গ্ৰেপ্তাৰ হয় লোক কেইজন ।
কেনিকাৰাই গাঁও প্ৰশাসনিক বিষয়াৰ এক অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বিদেশী লোক কেইজনক । পাচপৰ্ট আইন আৰু দুৰ্যোগ প্ৰশমন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।