ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Dec 15, 2020, 7:04 PM IST

পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান

সোমবাৰে পুৱা ৯ বজা পৰ্যন্ত মংগল গ্ৰহৰ কাষলৈ গতি কৰিছে ১৪৪ দিনীয়া যাত্ৰা লৈ মংগল গ্ৰহলৈ যোৱা চীনৰ মহাকাশ যানে । এতিয়ালৈকে প্ৰায় ৩৬০ মিলিয়ন কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে যানখনে । বৰ্তমান পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিমি দূৰত্ব অতিক্ৰম কৰি মংগল গ্ৰহৰ পৰা বৰ্তমান ১২ মিলিয়ন কিলোমিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে যানখনে ।

22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ

ব্যাপক কৰ্মসংস্থাপন সৃষ্টিৰ দাবীত ২২ ডিচেম্বৰত এছ এফ আই আৰু ডি ৱাই এফ আইৰ ৰাজ্যজোৰা ছাত্ৰ বিক্ষোভ ৷ ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাত "মোৰ সংস্থাপন ক'লৈ গ’ল " শীৰ্ষক শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'বীৰাংগনা'

অসম আৰক্ষীৰ বিৰাংগনা গোটৰ জন্ম আৰু কাৰ্যপদ্ধতিক সামৰি নিৰ্মান কৰা তথ্য চিত্ৰ 'বীৰাংগনা' উজ্বলিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৷ সদ্য ঘোষিত লণ্ডনৰ ‘লীফ্ট অব গ্ল’বেল নেটৱৰ্ক ফিল্ম ফেষ্টিভেল’ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বীৰাংগনাই ।

শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হৈ থকাৰ সময়তে সদৌ তাই আহোম ছাত্ৰ সন্থাই কঁপালে শিৱসাগৰৰ ৰাজপথ । জনজাতিকৰণৰ দাবীত শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী ৰেলী । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল শিৱসাগৰৰ ৰাজপথ ।

আমিগাঁৱত ৰে’ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ

আমিনগাঁৱত ৰে’ল লাইনত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ ৷ মৃত যুৱকজন আমিনগাঁও নিউকলনীৰ কৃষ্ণ দাস বুলি চিনাক্ত কৰা হৈছে ৷

ক্ৰীড়াবিদ সাৰংগ বসুমতাৰীয়ে আৰম্ভ কৰিছে ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ

সাৰংগ বসুমতাৰীয়ে ৬ বছৰ পৰা ১৮ বছৰৰ ভিতৰৰ খেলুৱৈ সকলক ফুটবল, এথলেটিকছ, কাবাদী, বক্সিং, ওৱেইট লিফটিং, বডি বিল্ডিং আদি বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে । টিংখাঙৰ বুঢ়ীদিহিংৰ বালিচৰত ফুটবল আৰু বক্সিঙৰ প্ৰশিক্ষণ দিয়াৰ লগতে সমষ্টিটো কেইবাটাও স্থানত প্ৰশিক্ষণ প্ৰদানৰ শিবিৰ স্থাপন কৰিছে সাৰংগ বসুমতাৰীয়ে ।

মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

ভাড়াৰ নিৰিখ নিৰ্দ্ধাৰণ, কমিচন ১০ং লৈ হ্ৰাস কৰা, চালক সকলৰ নিৰাপত্তা , যাত্ৰীৰ KYC কৰাকে আদি কৰি কেইবাটাও দাবীৰে ১২ ঘন্টীয়া অনশনত বহে চালক সকল ৷ ইপিনে চালকসকলে দাবী উত্থাপন কৰে যে, বহিৰাগত বনিয়া সকলে তেওঁলোকৰ ওপৰত বিভিন্ন লুণ্ঠন চলাই আহিছে ৷

প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰটি বন্ধ কৰাৰ বাবে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ প্রচাৰ ভাৰতীৰ অধীনত থকা আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰটো বন্ধ কৰাৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি

ইংৰাজী নৱবৰ্ষ কাষ চপাৰ লগতে খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ উৎসৱ বৰদিনো কাষ চাপিছে । কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা কিছু ম্লান পৰা পৰিলক্ষিত হ’লেও গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী গাৰো জনবসতিপূৰ্ণ নিচানগ্ৰাম গাৱঁৰ ৰাইজে খ্ৰীষ্টমাছৰ বাবে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷

ডিব্ৰুগড়ত মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টৰ পুঁজি সন্দৰ্ভত বৈঠক

প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত জিলা মিনাৰেল ফাউণ্ডেচন ট্ৰাষ্টত জমা পুঁজিৰে খনিজ পদাৰ্থ খনন কাৰ্যৰ ফলত প্ৰভাৱিত এলেকাত উন্নয়ন আৰু কল্যাণমূলক আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.