ETV Bharat / bharat

ঝাৰখণ্ডত একেদিনাই 66 গৰাকী আৰক্ষী কোভিড-19 পজিটিভ - আৰক্ষী কোভিড-19 পজিটিভ

ঝাৰখণ্ডত সোমবাৰে প্ৰায় 66 গৰাকী আৰক্ষীৰ লোক মাৰাত্মক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় ৷ ইতিমধ্যে ৰাজ্যখনত প্ৰায় 4000 লোক এই ভাইৰাছৰ কৱলত পৰিছে ৷

ঝাৰখণ্ডত একেদিনাই 66 গৰাকী আৰক্ষী কোভিড-19 পজিটিভ

author img

By

Published : Jul 14, 2020, 1:35 AM IST

নিউজ ডেস্ক, 14 জুলাই : ঝাৰখণ্ডত ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-19 ৷ ৰাজ্যখনত প্ৰায় 4,000 লোক এই মাৰাত্মক ভাইৰাছৰ কৱলত পৰিছে ৷ সোমবাৰে ৰাজ্যখনত প্ৰায় 66 গৰাকী আৰক্ষীৰ লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷

ৰাজ্যখনৰ আৰক্ষী বিভাগে প্ৰকাশ কৰা অনুসৰি, আক্ৰান্ত হোৱাসকলৰ ভিতৰত এগৰাকী ডিএছপি, এগৰাকী পৰিদৰ্শক, 5 গৰাকী উপ-পৰিদৰ্শক, 9 গৰাকী সহকাৰী উপ-পৰিদৰ্শক, 6 গৰাকী কনিষ্টবল, 32 গৰাকী জোৱান/গাড়ীচালক, এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু 7 গৰাকী হোমগাৰ্ড আছে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ 4 দিনৰ জিম্মাত বিকাশ ডুৱেৰ দুই সহযোগী

ইতিমধ্যে ঝাৰখণ্ড চৰকাৰে জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক 33 লাখ টকা প্ৰদান কৰিছে ৷ ইয়াৰ দ্বাৰা আৰক্ষী বিভাগত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে সুৰক্ষা সামগ্ৰী ক্ৰয় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনৰ গৃহবিভাগে ৷

ৰাজ্যখনৰ আৰক্ষী মুখ্যালয়ে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ নিজকে কোভিড-19ৰ পৰা আঁতৰত থাকি নিজৰ সুৰক্ষা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ আৰক্ষীৰ লোকসকলক সামাজিক দুৰত্বকে ধৰি, মাস্ক, ছেনিটাইজাৰ আদি ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৷ আনহাতে অভিযুক্তসকলক জেললৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰটো বিভাগক যথাযথ সুৰক্ষা ব্যৱস্থা পালন কৰিবলৈ কোৱা হৈছে ৷

আৰক্ষী মুখ্যালয়ে জনতাৰ অভিযোগ বিভাগীয় চিটিজেন পৰ্টেল আৰু হোৱাটছ এপযোগে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ৷ ছুটীৰ পৰা কৰ্মক্ষেত্ৰত যোগদান কৰা আৰক্ষীৰ লোকসকলক 14 দিন কোৱাৰেন্টাইন হৈ থাকিবলৈ নিৰ্দেশনা দিছে আৰক্ষী মুখ্যালয়ে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.