ETV Bharat / bharat

ইউপিৰ ডায়েল১১২ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভঃ ৪৮ ঘণ্টালৈ বন্ধ কাৰ্যালয়

author img

By

Published : Jun 20, 2020, 10:38 PM IST

উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰীকালিন সেৱা ডায়েল১১২ সেৱাৰ লগত জড়িত ৬ গৰাকীকৈ কৰ্মচাৰীৰ দেহত ক'ভিড-১৯,পজিটিভ,সোমবাৰলৈকে বন্ধ ৰাখিব লগা হ'ল এই সেৱা নিয়ন্ত্ৰণ হৈ থকা কাৰ্যালয় ।

6 people working in UP-112 helpline test positive for COVID-19
ইউপিৰ ডায়েল১১২ৰ কৰ্মচাৰীৰ দেহত ক'ভিড১৯ পজিটিভ

নিউজ ডেস্ক, ২০ জুন: উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰীকালিন সেৱাৰ লগত জড়িত কৰ্মীৰ দেহতো এতিয়া ক'ৰণা ভাইৰাচৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । ডায়েল১১২ত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ দেহত ক'ভিড ১৯ পজিটিভ নিশ্চিত হোৱাৰ পাছতে বৃহস্পতিবাৰে আন ৩০ গৰাকী কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছিল । আৰু এইসকলৰ মাজৰ পৰা আন ৫ গৰাকী কৰ্মচাৰীৰ দেহতো ক'ভিড-১৯ পজিটিভ ভাইৰাচৰ উপস্থিতি নিশ্চিত হোৱাৰ তথ্য সদৰি কৰিলে UP-112ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অসীম কুমাৰ অৰুনে । সম্পূৰ্ণ চৌহদটো চেনিটাইজেশ্যনৰ বাবে আগন্তুক ৪৮ ঘণ্টালৈ এই সেৱা নিয়ন্ত্ৰণ হৈ থকা এই কাৰ্যালয় বন্ধ ৰখাৰ কথাও অৱগত কৰিলে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ।

ইতিমধ্যে আনসকল কৰ্মচাৰীক ঘৰৰ পৰাই সেৱা অব্যাহত ৰাখিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে । তাৰোপৰি আগন্তুক ৪৮ ঘণ্টালৈকে প্ৰয়াগৰাজ চেণ্টাৰৰ পৰাও অস্থায়ীভাৱে জৰুৰীকালিন ফোন কল সমূহ গ্ৰহণৰো ব্যৱস্থা কৰা হৈছে ।

লগতে ১১২ সেৱাত ফোন কৰি যোগাযোগ কৰিব নোৱাৰা সকলে চচিয়েল মেডিয়াৰ জড়িয়তে আৰু ১০৭৩ নম্বৰত যোগাযোগ কৰি যিকোনো অভিযোগদাখিল কৰিব পাৰিব বুলি জনালে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অসীম কুমাৰ অৰুনে।

লগতে চাওকঃ বিশ্বনাথত "হায়ৰে শিৰিষ ত'ৰ কথা জানে কঝনে" শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.