ETV Bharat / bharat

পশ্চিম বংগত শোকাৱহ দুৰ্ঘটনাঃ পাঁচ জনৰ সলিল সমাধি

author img

By

Published : Oct 27, 2020, 8:18 AM IST

দুৰ্গা প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সোমবাৰে শেষ নিশা মুৰ্শিদাবাদত দুখনকৈ নাও ডুবি সলিল সমাধি ঘটিল পাঁচ জনকৈ লোকৰ ৷ মৃতু হোৱা আটাই কেইগৰাকী বেলডাঙাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

5-killed-as-boat-capsizes-in-west-bengals-murshidabad
পশ্চিম বংগত শোকাৱহ দুৰ্ঘটনাঃ পাঁচ জনৰ সলিল সমাধি

নিউজ ডেস্ক,27 অক্টোবৰঃ বিজয়া দশমীৰ দিনাই পশ্চিমবংগত ঘটিল এক শোকাকুল ঘটনা ৷ দেৱী মাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটিল পাঁচজনকৈ লোকৰ ৷

সোমবাৰে পশ্চিম বংগৰ মুৰ্শিদাবাদস্থীত ডামনিত সংঘটিত হৈছে এই শোকাৱহ দুঘটনাটো ৷ এটা জলাশয়ত পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা ৷ ইতিমধ্যে জলাশয়টোৰ পৰা পাঁচজনকৈ লোকক উদ্ধাৰ কৰাৰ লগতে আৰু অধিক লোক থকাৰ সন্দেহ কৰি আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যৌথভাৱে উদ্ধাৰ অভিযান চলাই গৈছে ৷ এই কথা সদৰি কৰিলে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

সোমবাৰে পুৱতি নিশা সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই ইতিমধ্যে সমগ্ৰ জিলা খনতেই পেলাইছে শোকৰ ছাঁ ৷ ইফালে বাতৰি লিখা সময়লৈকে অব্যাহত আছে উদ্ধাৰ অভিযান ৷

লগতে পঢ়ক-কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.