ETV Bharat / bharat

উত্তৰ প্ৰদেশত কুঁৱাত পৰি প্ৰাণ হেৰুৱালে 5 জনে - মহাৰাজগঞ্জত সংঘটিত হল হৃদয়বিদাৰক ঘটনা

কুঁৱাত পৰা এটা গৰু উদ্ধাৰ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত প্ৰাণ হেৰুৱালে 5 জনকৈ লোকে ৷

মহাৰাজগঞ্জ
উত্তৰ প্ৰদেশত কুঁৱাত পৰি প্ৰাণ হেৰুৱালে 5 জনে
author img

By

Published : Sep 9, 2020, 3:10 AM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ : কুঁৱাত পৰা এটা গৰু উদ্ধাৰ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত প্ৰাণ হেৰুৱালে 5 জনকৈ লোকে ৷ কুঁৱাৰ পৰা নিৰ্গত বিষাক্ত গেছৰ ফলতে 5 জনকৈ লোকে প্ৰাণ হেৰুৱায় ৷ মহাৰাজগঞ্জত মঙলবাৰে সংঘটিত হয় এই ঘটনা ৷

তথ্য অনুসৰি, মৃত তিনিজন একেটা পৰিয়ালৰে ৷ এই তিনিজন লোকে কুঁৱাত পৰি যোৱা গৰুটো উদ্ধাৰৰ চেষ্টা কৰিছিল ৷

আনহাতে, এই তিনিজন লোকক উদ্ধাৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আন দুজনে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ৷ আটাইকেইজনকে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইয়াৰ পাচতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

জিলা মেজিষ্ট্ৰেট নিতীন বাঞ্চালে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, পানীত পৰা গৰুটো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.