ETV Bharat / bharat

বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য

author img

By

Published : Jan 3, 2020, 9:41 PM IST

ভাৰতবৰ্ষত কাৰ্যকাৰী হোৱা চূড়ান্ত এন.আৰ.চিৰ পিচত যোৱা দুমাহত সৰ্বমুঠ 445 গৰাকী বাংলাদেশী নাগৰিকে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে ৷ বিজিবি অৰ্থাৎ ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মুখ্য জেনেৰেল মেজৰ মঃ শ্বাফিনুল ইছলামে এক সংবাদমেলযোগে সংক্ষিপ্ত সংখ্যা প্ৰকাশ কৰে ৷

445 Bangladeshis returned from India in last 2 months: BGB chief
বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰঃ বৃহস্পতিবাৰে বাংলাদেশ অৰ্ধ সামৰিক বাহিনীৰ মুখ্য বিষয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষত কাৰ্যকাৰী হোৱা চূড়ান্ত এন.আৰ.চিৰ পিচত যোৱা দুমাহত সৰ্বমুঠ 445 গৰাকী বাংলাদেশী নাগৰিকে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে ৷

বিজিবি অৰ্থাৎ ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মুখ্য জেনেৰেল মেজৰ মঃ শ্বাফিনুল ইছলামে এক সংবাদমেলযোগে সংক্ষিপ্ত সংখ্যা প্ৰকাশ কৰে ৷
লগতে তেওঁ উল্লেখ কৰে যে, 2019 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত ভাৰত-বাংলা সীমান্তত প্ৰায় 1000 জন অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

আনহাতে, তেওঁ প্ৰকাশ কৰে যে নাগৰিকসকলৰ প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষণৰ পিচত তেওঁলোকক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰিব পৰা গৈছে ৷ লগতে সেনা বিষয়াগৰাকীয়ে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ে এতিয়ালৈ 253টা গোচৰ ৰুজু হৈছে বুলি মত প্ৰকাশ কৰে ৷ তাৰোপৰি বাংলাদেশী নাগৰিক বুলি চিনাক্ত হোৱা আটাইকেইগৰাকীয়ে ভাৰত-বাংলা সীমান্তত কোনোধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা নাছিল বুলিও সংবাদমেলত উল্লেখ কৰে ৷

উল্লেখ্য যে, জেনেৰেল মেজৰ মঃ শ্বাফিনুল ইছলামে বিগত সপ্তাহত ভাৰত ভ্ৰমণৰ সময়ত উল্লেখ কৰিছিল যে এন.আৰ.চি ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় ৷ ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত সু-সম্পৰ্ক বৰ্তি আছে বুলি তেওঁ উল্লেখ কৰে ৷ আনহাতে জেনেৰেল মেজৰ মঃ শ্বাফিনুল ইছলামৰ ভাৰত ভ্ৰমণ কৰাৰ উদ্দেশ্য আছিল দুয়োখন দেশৰ সামৰিক দ্বি-পাক্ষীক অৰ্থাৎ বিজিবি আৰু বি.এচ.এফ ৰ সম্পৰ্ক সুদৃঢ় কৰা ৷

এই বৈঠক 26-29 ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল ৷ সীমান্তৰ বিভিন্ন অবৈধ অনুপ্ৰৱেশ তথা বিভিন্ন ধৰণৰ হিংসাত্মক তথা কুখ্যাত কৰ্মৰ বিষয়ে দ্বি-পাক্ষীক আলোচনা কৰা হয় ৷ আনহাতে তেওঁ কয় যে বৈঠকত এন.আৰ.চি সম্পৰ্কত কোনোধৰণৰ আলোচনা হোৱা নাই ৷ ইয়োৰোপৰি দুয়োদেশৰ সীমাত অবৈধ অনুপ্ৰৱেশকাৰীৰ মৃত্যু সম্পৰ্কেও আলোচনা হোৱাৰ কথা তেওঁ উল্লেখ কৰে ৷

আৰু পঢ়কঃ CAA আৰু NRC ৰ বিৰুদ্ধে জামিয়া মিলিয়াত অভিনৱ প্ৰতিবাদ

Intro:Body:

Bangaladesh

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.