নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: হাৰিয়ানা আৰক্ষীয়ে এগৰাকী 32 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত 4 জনকৈ ফুড ডেলিভৰীৰ সৈতে জড়িত যুৱকক প্ৰেপ্তাৰ কৰে ৷ শনিবাৰে গুৰুগ্ৰামত সংঘটিত এই ঘটনাৰ সময়ত ভুক্তভোগী গৰাকীক মাৰধৰো কৰা হৈছিল ৷
আৰক্ষীয় জানিবলৈ দিয়া অনুসৰি, ঘটনাতো পোশ ডিএলএফ ফেচ-2 এলেকাত সংঘটিত হৈছে ৷ অভিযুক্ত যুৱক কেইজন পংকজ, পৱন, ৰঞ্জন আৰু গোবিন্দ বুলি চিনাক্ত কৰা হৈছে ৷
চাৰিওজন অভিযুক্ত Zomato আৰু Swiggy ৰ কৰ্মচাৰী আছিল ৷ আৰম্ভণিতে ভুক্তভোগী গৰাকীক চিকিৎসা প্ৰদানৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যই জটিল ৰূপ ধাৰণ কৰাত দিল্লীৰ সফদৰজং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকে সাক্ষ্যৰ যুগুতাবৰ বাবে মহিলাগৰাকী আৰোগ্য হোৱালৈ বাট চাই আছে ৷
লগতে পঢ়ক: উত্তৰ প্ৰদেশ আৰু বিহাৰত সংঘটিত ধৰ্ষণৰ ঘটনা