ETV Bharat / bharat

COVID-19ৰে যুঁজি মৃত্যুক আঁকোৱালি ল'লে ৩৪৩গৰাকী আৰক্ষীয়ে: অমিত শ্বাহ

কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তো নিজৰ জীৱন তুচ্ছ কৰি ৰাইজৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে আৰক্ষীয়ে। কৰ্তব্য পালনৰ মাজতে মহামাৰীৰ কবলতো পৰিছে বহু আৰক্ষী। নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰক্ষী স্মৰক দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, 'সংকটৰ সময়তো দেশৰ প্ৰতি সেৱা আগবঢ়াই কৰ'ণাত আক্ৰান্ত হৈ এই পৰ্যন্ত ৩৪৩গৰাকী আৰক্ষীৰ মৃত্যু হৈছে।'

author img

By

Published : Oct 21, 2020, 12:30 PM IST

COVID-19ৰে যুঁজি মৃত্যুক আঁকোৱালি ল'লে ৩৪৩গৰাকী আৰক্ষীয়ে: অমিত শ্বাহ
COVID-19ৰে যুঁজি মৃত্যুক আঁকোৱালি ল'লে ৩৪৩গৰাকী আৰক্ষীয়ে: অমিত শ্বাহ

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক দিৱসত কৰ্তব্য পালনৰ সময়ত মৃত্যুক আঁকোৱালি লোৱা আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে, 'COVID-19ৰ ভয়াৱহতাৰ মাজতে দায়িত্বৰ প্ৰতি সন্মান জনাই ৰাইজৰ সেৱা কৰি ৩৪৩গৰাকী আৰক্ষীয়ে মহামাৰীৰ কবলত পৰি জীৱন হেৰুৱাবলগীয়া হৈছে। মই আৰক্ষী বিষয়া-জোৱানৰ পৰিয়ালক জনাব বিচাৰো যে, এয়া কেৱল ইটা আৰু শিলেৰে তৈয়াৰী স্মাৰক নহয়, এয়া তেওঁলোকৰ ৰক্তৰ টোপাল। যিয়ে দেশক উন্নতিৰ পথত আগুৱাই যোৱাত অৰিহণা যোগাইছে। কেৱল আৰক্ষীসকলে নিজৰ কৰ্তব্য পালন কৰাৰ বাবেহে দেশবাসীয়ে শান্তিত শুব পাৰিছে। সমগ্ৰ বিশ্বই প্ৰথম বাৰৰ বাবে কৰ'ণা মহামাৰীৰে যুঁজ দিছে। এইসকল আৰক্ষী জোৱানে বিপদৰ মাজতো নিজৰ জীৱন তুচ্ছ কৰি কাম কৰি গৈছে। প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ দেশে আজি আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।'

  • On #PoliceCommemorationDay, I bow to the great martyrs who fought till their last breath to keep our nation safe.

    Their commitment towards the motherland inspires each and every Indian.

    We are proud of our police personnel for their distinguished service & unparalleled courage. pic.twitter.com/YWtFRHmUHu

    — Amit Shah (@AmitShah) October 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে তেওঁ কয় যে, এতিয়ালৈকে বিশ্বজুৰি ৩৫,৩৯৮গৰাকী আৰক্ষী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুৰে হাৰ মানিছে। ভাৰতত মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তো কৰ্তব্য পালন কৰি ৩৪৩গৰাকী আৰক্ষীৰ মৃত্যু হৈছে। স্মাৰকস্থলী আন আৰক্ষী জোৱানৰ বাবে প্ৰেৰণা হোৱাৰ আশাও ব্যক্ত কৰে।

লগতে পঢ়ক:ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱলৈ চেণ্ডেল নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.