ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news
author img

By

Published : Dec 8, 2020, 3:03 PM IST

আজাৰা আৰক্ষীৰ জালত দুই চোৰ

দীৰ্ঘদিন ধৰি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আগছিয়াত ৰাতুল কলিতা আৰু কবিন্দ্ৰ কলিতা নামৰ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱক দুজনে চুৰিকাৰ্য সংঘটিত কৰি থকা সময়তে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আজাৰা আৰক্ষীক গতাই দিয়ে ৷ সোধ-পোছৰ অন্তত দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মঙলবাৰে সংশোধিত কৃষি আইন ২০২০ বাতিলৰ দাবীত কৃষকসকলে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যজুৰি পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে যোৰহাট, শিৱসাগৰ. বিলাসীপাৰা, নগাঁৱৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অবৈধ কাৰ্যত লিপ্ত পুৰুষ-মহিলাক থানাত গটালে স্থানীয় ৰাইজে

বাক্সাত এহাল পুৰুষ-মহিলাৰ বিৰুদ্ধে অবৈধ কাৰ্যত লিপ্ত থকাৰ অভিযোগ ৷ নিশা দুয়োকে অসংযত অৱস্থাত উদ্ধাৰ কৰাৰ পাছতে ক্ষুব্ধ ৰাইজে দুয়োকে আৰক্ষীক গটাই দিয়ে ৷

কৃষি আইন বাতিলৰ দাবীৰে মহানগৰীত কৃষক মুক্তিৰ প্ৰতিবাদ

কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহানগৰ জিলা সমিতিৰ উত্তাল প্ৰতিবাদ ৷ চান্দমাৰীত মোডীৰ প্ৰতিকৃতি দাহেৰে সংগঠনটোৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷

ৰাইজৰ দলৰ কমলপুৰ সমষ্টিৰ আহ্বায়ক সমিতি গঠন

2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰস্তুতি ৷ কমলপুৰ সমষ্টিত ৰাইজৰ দলৰ 35 জনীয়া আহ্বায়ক সমিতি গঠন ৷ কমলপুৰ সমষ্টিকে ধৰি বিভিন্ন সমষ্টিত শেহতীয়াভাবে বিভিন্ন চৰকাৰী আঁচনিত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ দলৰ কমলপুৰ সমষ্টিৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ জিতুল ডেকাৰ ৷

৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ২০২১ চনৰ ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব । প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন ভাৰত চৰকাৰৰ এক কাৰ্যসূচী, যিয়ে প্ৰবাসী ভাৰতীয়ৰ সৈতে যোগাযোগ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

ৰক্ত দানেৰে আই মাতৃক সেৱা এদল সৈন্যৰ

সোমবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এটা ৰক্তদান শিবিৰত ৰক্তদান কৰিলে এদল ভাৰতীয় সৈন্যই ৷

লেপেটকটা দুৰ্ঘটনা : নিহতৰ পৰিয়াললৈ অসম চৰকাৰৰ ২ লাখকৈ সাহাৰ্য প্ৰদান

কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ লেপেটকটাত এক পথ দুৰ্ঘটনা মৃত্যু হৈছিল ৬ জনকৈ লোকৰ ৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ২ লাখ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে ৷

ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পাঁচ মাহৰ অন্তত এটা দিনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ 27,000 গৰাকী ৷ ইয়াৰ লগে লগে দেশত 97 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ নতুনকৈ 385 গৰাকী লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 1,40,958 লৈ বৃদ্ধি পাইছে ৷

কেৰালা স্থানীয় নিকায় নিৰ্বাচনঃ ৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

কেৰালাত আজি অনুষ্ঠিত হৈছে স্থানীয় নিকায় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৫ খন জিলাৰ ৩৯৫ খন স্থানীয় নিকায়ৰ ৬,৯১০ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈ অব্যাহত থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.