নিউজ ডেস্ক, 29 মে': দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ কাৰ্যালয়ৰ আন তিনিগৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 । ইয়াৰ এদিন পূৰ্বে কাৰ্যালয়টোৰ এগৰাকী কনিষ্ঠ সহায়কৰ দেহত ধৰা পৰিঠিল এই ভাইৰাছৰ সংক্ৰমণ ।
এক সূত্ৰই জনোৱা অনুসৰি, যিহেতু অধিক লোকৰ দেহত এই ভাইৰাছ পায়েই আছে সম্পূৰ্ণ কৰ্মচাৰী সকলে পৰৱৰ্তী কেইদিনমানৰ ভিতৰত COVID-19 পৰীক্ষণ কৰোৱাব পাৰে । এনে স্থলত হয়তো সচিবালৰ আৰু অধিক লোকৰ দেহত সংক্ৰমণ থকাৰ কথা পোহৰলৈ আহিব পাৰে । কাৰ্যালয়টোত পোৱা তিনিগৰাকী COVID পজিটিভ কৰ্মচাৰীৰ দুগৰাকী কনিষ্ঠ সহায়ক আৰু আন এগৰাকী ছাফাই কৰ্মী ।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত দিল্লীত 1,024 গৰাকীৰ দেহত ধৰা পৰিছে COVID-19 । এদিনৰ ভিতৰত 1000 লোক সংক্ৰমণ হোৱাৰ ঘটনা দিল্লীত এয়াই প্ৰথম । ইয়াৰ ফলত দিল্লীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 16000 ৰ সংখ্যা । বৰ্তমানলৈ দেশৰ ৰাজধানী চহৰখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছ মুঠ 16,281 গৰাকী লোক । আনহাতে ৰাজ্যখনত এই মহামাৰীত মৃত্যু হৈছে মুঠ 316 গৰাকী লোকৰ ।