কলকাতা, 5 জুলাই : পশ্চিম বংগৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাত অঘটন ৷ বাংলাদেশী সৰবৰাহকাৰীৰ দ্বাৰা বিএছএফ জোৱানক লক্ষ্য় কৰি আক্ৰমণ ৷ আক্ৰমণত আহত তিনিগৰাকীকৈ বিএছএফ জোৱান ৷
জানিব পৰা মতে, ৰাজ্যখনৰ উত্তৰ 24 পাৰগনা জিলাৰ বিএছএফৰ বাঞ্চঘাটা চাউনীৰ সমীপত 3-4 জুলাইৰ নিশা সংঘটিত হৈছিল এই ঘটনা ৷ বিএছএফৰ 107তম বেটালিয়ান জোৱানে সীমান্তৱৰ্তী অঞ্চলত পহৰা দি থকাৰ সময়তে নিশা প্ৰায় 3.30 বজাত 10 ৰ পৰা 12 জন বাংলাদেশী সৰবৰাহকাৰীক প্ৰত্যক্ষ কৰি প্ৰত্যাহ্বান জনাইছিল সীমান্তৰক্ষীয়ে ৷
তাৰ পাচতেই সৰবৰাহকাৰী দলটোৱে নিশা অন্ধকাৰৰ সুযোগলৈ বিএছএফৰ দলটোক ঘেৰি ধৰে আৰু বাঁহ, লাঠি, দা আদি চোকা অস্ত্ৰৰে আক্ৰমণ চলায় ৷ য’ত তিনিগৰাকী জোৱান আঘাতপ্ৰাপ্ত হয় ৷ জোৱান কেইজনে আত্মৰক্ষাৰ বাবে পাঁচ জাই গুলী ফুটোৱাৰ পাচত হে সৰবৰাহকাৰী দলটোৱে বাংলাদেশ সীমান্তৰ দিশে পলায়ন কৰে ৷
ঘটনাস্থলীৰ পৰা আঠ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে বিএছএফৰ দলটোৱে ৷ গুলিচালনাত এজন বা দুজন সৰবৰাহকাৰী আহত হোৱা বুলি জানিবলৈ দিয়ে বিএছএফৰ এগৰাকী বিষয়ববীয়াই ৷
লগতে চাওক-‘ধন্যবাদ মোৰ বন্ধু, আমেৰিকাই ভাৰতক ভাল পায়’ : মোডীলৈ ট্ৰাম্পৰ টুইট