নেশ্যনেল ডেস্ক, 30 জানুৱাৰীঃ ভাৰতৰ বিভিন্ন বিমান বন্দৰৰ যাত্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৷ চীনত সংহাৰী ৰূপ লোৱা মাৰাত্মক কৰ’ণা ভাইৰাছকলৈ সতৰ্কতা ভাৰতৰ 21 টা বিমান বন্দৰত ৷ সকলো যাত্ৰীৰে তন্ন-তন্ন কৈ স্বাস্থ্য পৰীক্ষা ৷ ইয়াৰে ভিতৰত আছে চীনৰ 132 গৰাকী যাত্ৰী ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ বৈঠকৰ পাচতেই 21 টা বিমান বন্দৰত সচেতনা বৃদ্ধি কৰা হৈছে ৷
এই 21 টা বিমান বন্দৰৰ ভিতৰত আছে-দিল্লী (Delhi), হায়দৰাবাদ (Hyderabad), মুম্বাই (Mumbai), গুৱাহাটী (Guwahati), ক’চী (Kochi), বাংগালুৰু (Bengaluru), আহমেদাবাদ (Ahmedabad), অমৃতসৰ (Amritsar), কলকাতা( Kolkata), কৌয়েমবটুৰ (Coimbatore), গয়া (Gaya), বাগডগৰা (Bagdogra), জয়পুৰ (Jaipur), লক্ষ্নৌ (Lucknow), চেন্নাই (Chennai), তিৰুৱন্তপুৰুম (Thiruvananthapuram), তিৰুচিৰাপল্লী (Tiruchirapalli), বাৰাণসী (Varanasi), বিশাখাপট্টনম (Visakhapatnam), ভূৱনেশ্বৰ (Bhubaneswar) আৰু গোৱা (Goa) ৷
ইয়াৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয়ৰ বিশেষ সচিব সঞ্জীৱ কুমাৰে নেপাল আৰু ইয়াৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ স্বাস্থ্য সচিবৰ সৈতেও শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক সমীক্ষা কৰে ৷
উত্তাৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ছিক্কিমৰ স্বাস্থ্য সচিবে কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মিলিত হৈ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে এক আলোচনাত মিলিত হয় ৷
এই সন্দৰ্ভত কেন্দ্ৰীয় সচীবগৰাকীয়ে কয় যে, ৰাজ্যৰ স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে ৷ জনসাধাৰণক এই ভাইৰাছৰ লক্ষণ সমূহৰ বিষয়ে সজাগ কৰিবলৈ ইন ফ্লাইট ঘোষণা কৰাৰ আৱশ্যকতা আছে বুলিও উল্লেখ কৰে ৷