ETV Bharat / bharat

যোধপুৰৰ পৰা লেহলৈ প্ৰেৰণ ২০৫ গৰাকী বিদেশৰ পৰা অহা ভাৰতীয় - লেহ

বিদেশৰ পৰা অহা ২০৫ গৰাকী ভাৰতীয়ত পৃথকে আছুতীয়াকৈ ৰখাৰ পিচতে বায়ুসেনাৰ বিশেষ বিমানযোগে যোধপুৰৰ পৰা লেহলৈ প্ৰেৰণ কৰা হয় । যোধপুৰত থকা স্থলসেনাৰ বিশেষ আছুতীয়া কক্ষত তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছিল এইসমূহ লোকক । ইতিমধ্যে যোধপুৰৰ পৰা দুটাকৈ দলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হৈছিল । আজি এইদৰে তৃতীয়টো দলকো নিজ গৃহলৈ প্ৰেৰণ কৰা হয় ।

বিদেশৰ পৰা অহা ভাৰতীয়
বিদেশৰ পৰা অহা ভাৰতীয়
author img

By

Published : Apr 25, 2020, 2:44 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ বিদেশৰ পৰা ভাৰতলৈ উভটি অহা ২০৫ গৰাকী লোকক আজি নিজ গৃহলৈ প্ৰেৰণ কৰা হয় । কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতীয় বায়ুসেনাই বিদেশত আৱদ্ধ হৈ থকা এইসকল লোকক সুকলমে উদ্ধাৰ কৰি আনিছিল । পৰৱৰ্তী সময়ত তেওঁলোকক স্থলসেনাৰ যোধপুৰস্থিত আছুতীয়া কক্ষত তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছিল ।

লগতে পঢ়কঃ দক্ষিণ আৰু পূৱ চীন সাগৰত চীনৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি

অৱশেষত তেওঁলোকৰ আছুতীয়াকৈ থকাৰ সময়লানি শেষ হোৱাৰ পিচত যোধপুৰৰ পৰা নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হয় । সেই অনুসৰিয়ে বায়ুসেনাৰ বিশেষ বিমানেৰে ২০৫জনীয়া এটি দলক লাডাখৰ লেহলৈ প্ৰেৰণ কৰা হয় ।

স্থলসেনাৰ নৰ্থাৰ্ণ কামাণ্ডৰ অপাৰেশ্বন নমস্তেৰ অধীনত এইসকল লোকক এইদৰে স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰা হৈছিল । ইতিমধ্যে নৰ্থাৰ্ণ কামাণ্ডে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।

ভাৰতীয় বায়ুসেনাৰ C130 আৰু IL-76 বিমানেৰে এইসকল লোকক প্ৰেৰণ কৰাৰ কথা বায়ুসেনাই টুইট কৰে । বায়ুসেনাই প্ৰকাশ কৰা অনুসৰি, IL-76 বিমানৰ সহায়ত জয়চলমিৰৰ পৰা শ্ৰীনগৰলৈ ৫২ গৰাকীক আৰু C130 বিমানৰ দ্বাৰা যোধপুৰৰ পৰা লেহলৈ ২০৫ সৰ্বমুঠ ২৫৭ গৰাকী লোকক নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হয় ।

বিগত সপ্তাহৰ বুধবাৰে ইৰাণৰ পৰা অহা ২২৫ গৰাকী ভাৰতীয়ক লেহলৈ প্ৰেৰণ কৰা হৈছিল । এইসমক লোককো যোধপুৰস্থিত সেনাৰ পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল । একেদৰেই মঙলবাৰেও ১৮০ গৰাকী লোকক জয়চলমিৰৰ পৰা জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়কঃ মুখ্য সতৰ্কতা আয়ুক্ত হিচাপে শপত গ্ৰহণ সঞ্জয় কোঠাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.