ETV Bharat / bharat

ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

author img

By

Published : Sep 26, 2020, 12:36 PM IST

প্ৰচুৰ বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলনত মেঘালয়ত মৃত্যুক সাৱটিলে বহুজনে ৷ মেঘালয়ৰ পূব খাচী পাহাৰত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত হোৱা ভূমিস্খলনে পুতি পেলালে মহিলা ক্ৰিকেটাৰৰ ঘৰ ৷ ক্ৰিকেটাৰ ৰাজিয়া আহমেদ আৰু ফিৰোজীয়া খানৰ মৃত্যু ৷ তিনি গৰাকী এতিয়াও সন্ধানহীন ৷

ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন
ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

নেশ্যনেল ডেস্ক, 26 চেপ্তেম্বৰ: ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক সাৱটিলে মেঘালয়ৰ দুই মহিলা ক্ৰিকেটাৰে ৷ বিভাগীয় সূত্ৰই জনোৱা মতে নেৰানেপেৰা বৰযুণৰ ফলত হোৱা ভূমিস্খলনে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত থকা তেওঁলোকৰ ঘৰসমূহ শুকুৰবাৰে পুতি পেলোৱাৰ ফলত দুগৰাকীকৈ মহিলা ক্ৰিকেটাৰে কৰুণ মৃত্যুক সাৱটি লয় আৰু দুগৰাকী এতিয়াও সন্ধানহীন হৈ আছে ৷

ক্ৰিকেটাৰ ৰাজিয়া আহমেদ আৰু ফিৰোজীয়া খানৰ মৃত্যু

হেডমেন বাহ বুডে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যৰ হৈ খেলা ৰাজিয়া আহমেদ আৰু স্থানীয় খেলুৱৈ ফিৰোজীয়া খানক মাওনেই অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নঙটিঙগাৰে কয় যে সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে ৷

ঘটনাটোত দুখ প্ৰকাশ কৰি মেঘালয় ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক জিডন খাৰকঙগৰে কয় যে 2011 ৰ পৰা 12 ৰ ভিতৰত বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ৰাজিয়াই ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল ৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত এনেদৰে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হোৱাত অন্য খেলুৱৈ সকলেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ মহিলা ক্ৰিকেট খেলুৱৈ কাকলি চক্ৰৱৰ্তীয়ে কয় , "আমি ৰাজিয়াৰ অভাৱ অনুভৱ কৰিম ৷ আমি প্ৰাৰ্থনা কৰিছো যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে ৷"

ইফালে সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ধ্বংসলীলা চলোৱাৰ কথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে ৷ পি ডব্লিউ ডি বিভাগৰ কৰ্মী সকল ধ্বংসস্তূপ সমূহ চাফা কৰা কামত নিয়োজিত হৈ আছে ৷ 62 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এখন দলং উটি যোৱাৰ ফলত বৃহস্পতিবাৰে দক্ষিণ গাৰো পাহাৰৰ সৈতে পশ্চিম গাৰো পাহাৰৰো সংযোগ বিচিন্ন হৈ যায় ৷ পশ্চিম গাৰো পাহাৰৰ উপায়ুক্ত ৰাম সিঙে কয় যো 62 নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হ'ব আৰু বাঘমৰা চহৰক দক্ষিণ গাৰো পাহাৰৰ সৈতে সংযোগ কৰিবলৈ বিকল্পৰ সন্ধান কৰি আছে ৷

লগতে পঢ়ক: কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.