নেশ্য়নেল ডেস্ক , ২ জানুৱাৰী : ধৰ্ষণকাৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ আদালতৰ কঠোৰ নিৰ্দেশনা । ৰাজ্য়খনৰ বাণ্ডা জিলাত সংঘটিত দুটাকৈ পৃথক ধৰ্ষণৰ ঘটনাৰ লগত জড়িত দুজন অপৰাধীক ১০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে আদালতে । জেল কতৃপক্ষৰ শীৰ্ষ বিষয়া ৰামসুফল সিঙে জনোৱা মতে POCSO আদালতৰ ন্য়ায়াধীশ পবন কুমাৰে শনিবাৰে দুয়োটা ঘটনাৰ সন্দৰ্ভত এই নিৰ্দেশনা দিয়ে ।
১৪ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্য়স্ত কৰা হয় এজন দোকানীক । দোষীক ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৫৫ হাজাৰ টকা জৰিমণা বিহে আদালতে । জানিব পৰা মতে ২০১৯ চনৰ ১৫ এপ্ৰিলত যুৱতী গৰাকীয়ে চেম্পু ক্ৰয় কৰিবলৈ যাওতে দোকানীজনৰ কামনাৰ বলি হৈছিল । ঘটনাৰ পিছতে ভুক্তভোগীৰ ভাতৃয়ে এজাহাৰ দাখিল কৰিছিল আৰু তেতিয়াৰ পৰা জেলত আছিল অভিযুক্ত দোকানীজন ।
দ্বিতীয় ঘটনাটো আছিল ২০১৮ চনৰ । বছৰটোৰ ৭ অক্টোবৰৰ দিনটোত খেলি থাকোতে এগৰাকী ৭ বছৰীয়া কিশোৰীক চুবুৰীয়া ২৩ বছৰীয়া যুৱকে ধৰ্ষণ কৰিছিল । এই ঘটনাটো যুৱকজনক দোষী সাব্য়স্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে আদালতে ।
লগতে পঢ়ক :৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল