ETV Bharat / bharat

কোভিড-19 : ৰাজস্থানত 18 গৰাকী পুনৰ আক্ৰান্ত, সৰ্বমুঠ সংখ্যা হ’লগৈ 579 গৰাকী - ৰাজস্থানত 18 গৰাকী পুনৰ আক্ৰান্ত

ৰাজস্থানত বিগত কেইদিনত বাঢ়িয়েই আছে কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যখনত পুনৰ আক্ৰান্ত হৈছে 18গৰাকী ব্যক্তি ৷ ইয়াৰ পিচতেই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 579 গৰাকীলৈ বৃদ্ধি পায় ৷

ৰাজস্থানত 18 গৰাকী পুনৰ আক্ৰান্ত
ৰাজস্থানত 18 গৰাকী পুনৰ আক্ৰান্ত
author img

By

Published : Apr 11, 2020, 2:10 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ শনিবাৰে ৰাজস্থানত কৰ’ণা ভাইৰাছত আক্ৰান্ত সংখ্যা 579 গৰাকীলৈ বৃদ্ধি পায় ৷ ৰাজ্যখনত নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱা সংখ্যা 18 গৰাকী বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷ ৰাজ্যখনত এতিয়ালৈকে 8গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে

ৰাজ্যখনৰ কোটা আৰু বিকানেৰ জিলাত ক্ৰমে, 14 গৰাকী আৰু 4 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য শনিবাৰে পোহৰলৈ আহিছে ৷ ৰাজস্থানৰ অতিৰিক্ত মুখ্য সচিব ৰোহিত কুমাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য় ৷ কোটা জিলাত আক্ৰান্তসকলৰ ভিতৰত টেলঘৰ আৰু চন্দ্ৰঘাট অঞ্চলতে সৰ্বাধিক আৰু বিকানেৰত এগৰাকী বৃদ্ধ মহিলা যাৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হৈছিল তেওঁৰ পৰিয়ালৰ চাৰিগৰাকী লোক আছে ৷

ৰাজস্থানত কৰ’ণা ভাইৰাছত আক্ৰান্তসকলৰ ভিতৰত দুগৰাকী ইটালিয়ান আৰু 50 গৰাকী ইৰানৰ পৰা আহিছিল আৰু তেওঁলোকক সেনাৰ তত্বাৱধানত যোধপুৰ আৰু জয়চলমেৰত আছুতীয়াকৈ ৰখা হৈছে ৷ ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক 221 গৰাকীয়ে জয়পুৰৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.