নিউজ ডেস্ক, 7 জুনঃ ভাৰতীয় স্থলসেনাৰ অতিকে ক্ষীপ্ৰ আৰু ভয়ানক যাক The HeadHunters হিচাপে জনা যায়, সেয়াই হৈছে কুমাও আৰু নাগা ৰেজিমেন্ট ৷ দুয়োটা ৰেজিমেন্টৰ উমৈহতীয়া ৰেজিমেন্টেল চেন্টাৰত আজি দেশসেৱাৰ বাবে আনুষ্ঠানিক শপতগ্ৰহণ কৰে 155গৰাকীকৈ নৱনিযুক্ত জোৱানে ৷
উত্তৰাখণ্ডৰ ৰানীখেটস্থিত কুমাও আৰু নাগা ৰেজিমেন্টেল চেন্টাৰত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে কৰ্ণেল কেকে শৰ্মাই ৷ ভাৰতীয় স্থলসেনাৰ প্ৰথমগৰাকী পৰমবীৰ চক্ৰ বিজেতা মেজৰ সোমনাথ শৰ্মা ভূমিত অনুষ্ঠিত হোৱা এই শপতগ্ৰহণত অংশগ্ৰহণ কৰে এক দীঘলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নৱনিযুক্ত সৈনিকে ৷
অনুষ্ঠানত লেফ. কৰ্ণেল অমিত ঢাকা, লেফ. কৰ্ণেল মধুৰ থাপা, মেজৰ ডিপি সিং, মেজৰ সুমুখ এমএছ, চুবেদাৰ মেজৰ লক্ষ্ণন সিং, চুবেদাৰ টাৰা সিং আদি সৈনিক বিষয়াসকল উপস্থিত থাকে ৷