নিউজ ডেস্ক, 25 ছেপ্টেম্বৰঃ 5 আগষ্টত অনুচ্ছেদ 370 উঠাই লোৱাৰ পৰা জম্মু কাশ্মীৰত নিৰুদ্দেশ হৈছে 13,000 যুৱক ৷ 5 জনীয়া এখন ফেক্ট ফাইণ্ডিং কমিটিৰ ৰিপৰ্টত এই তথ্য পোহৰলৈ আহিছে ৷ 17-21 ছেপ্টেম্বৰলৈ কাশ্মীৰ উপত্যকা ভ্ৰমণ কৰি এই তথ্য মুকলি কৰিছে কমিটিখনে ৷
কমিটিখনে লগতে নিৰাপত্তা বাহিনীয়ে মানৱ অধিকাৰ খৰ্ব কৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ মঙলবাৰে এই ৰিপৰ্ট নতুন দিল্লীত মুকলি কৰে কমিটিখনে ৷
কমিটিখনে কাশ্মীৰত থকাৰ সময়চোৱাত চোপিয়ান, পুলৱামা আৰু বান্দীপৰা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷ দলটোৱে জনাই যে, কাশ্মীৰৰ সাময়িক পৰিস্থিতি এনে যে কোনো লোক 8 বজাৰ পিছত ৰাজপথত ওলাব নোৱাৰে ৷ ইয়াৰ লগতে তেওঁলোকে জানিবলৈ দিয়ে যে, এগৰাকী কিশোৰীয়ে নিজৰ পৰীক্ষাৰ বাবে ৰাতি চাকি জ্বলাই পঢ়ি থকাৰ বাবে তেওঁৰ পিতৃ আৰু ভাতৃক নিৰাপত্তা বাহিনীয়ে ঘৰৰ পৰা লৈ যায় ৷ ইয়াৰ পিছত তেওঁলোকক কোনো অচিনাক্ত স্থানত আটক কৰি ৰখা হৈছে ৷ লগতে এই লোক সকলক মুকলি কৰি দিবলৈ নিৰাপত্তাৰক্ষীৰ কাষ চাপিলে তেওঁলোকে 20ৰ পৰা 50 হাজাৰ টকা বিছৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ লগতে ৰিপৰ্টত কাশ্মীৰৰ হস্পিতাল সমূহত এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ কথাও জানিবলৈ দিয়ে ৷
এই কমিটিখনৰ লগত জড়িত থকা মুছলিম ওমেনছ ফৰামৰ সভানেত্ৰী ছৈয়দা হামিদে জনাই যে, তেওঁলোকে কাশ্মীৰত সকলো ধৰণৰ সংযোগ পুনৰ স্থাপন হোৱাটো বিছাৰে ৷ লগতে তেওঁ, চৰকাৰক অনুচ্ছেদ 370 আৰু দফা 35A ৰাজ্যখনত পুনঃসংস্থাপন কৰিবৰ বাবে অহ্বান জনাই ৷ এই কমিটিখনৰ লগত (National Federation of Indian Women-NFIW)ৰ অনি ৰাজা, কৱলজিৎ কৌৰ আপু পংখুৰী জাহীৰৰ লগতে প্ৰগতিশীল মহিলা সমিতিৰ পুনম কৌশিক জড়িত হৈ আছিল ৷