নিউজ ডেস্ক, ৫ জুনঃ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশলৈ উভতি অহা মুঠ ১,১৬৩ গৰাকী শ্ৰমিকৰ দেহত দেখা গৈছে কোভিড-১৯ ৰ লক্ষণ। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অমিত মোহত প্ৰসাদে প্ৰকাশ কৰে এই কথা।
![1163 migrant labourers in up symptomatic for covid 19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07:27_amit-mohan_wxiab8c_g5hcjyi1591361044235-7_0506email_1591361055_48.jpg)
এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি প্ৰধান সচিবগৰাকীয়ে কয় যে,স্বাস্থ্য বিভাগে গাঁওসমূহত থকা আশা সৰ্মীৰ সহায়ত ৰাজ্যলৈ উভতি অহা শ্ৰমিকসকলৰ স্বাস্থ্যৰ খবৰ ৰাখিছে। বৰ্তমানলৈকে উত্তৰ প্ৰদেশলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা উভতি আহিছে ১২,৮০,৮৩৩ গৰাকী শ্ৰমিক। ইয়াৰ ভিতৰত ১,১৬৩ গৰাকী শ্ৰমিক জ্বৰ,কাহ,উশাহ-নিশাহত অসুবিধা আদিত ভুগি আছে।
লগতে তেওঁ, বিগত ২৪ ঘণ্টাত উত্তৰ প্ৰদেশত ৫০২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে বুলি উল্লেখ কৰে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত মুঠ ৩,৮২৮ গৰাকী কোভিড ৰোগী চিকিৎসাধীৱ অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৫.৬৪৮ গৰাকী লোকে । আনহাতে, এই মহামাৰীৰ ফলত ২৫৭ গৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।