ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 am top ten news
11 am top ten news
author img

By

Published : Jan 8, 2021, 10:58 AM IST

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

শেহতীয়া তথ্য অনুসৰি ১২ আৰু ১৩ জানুৱাৰীত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল । নিৰ্বাচন আয়োগে ইতিমধ্যে পৰ্যায়ক্ৰমে অসমলৈ ই ভি এম প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।

বাৰ্ড ফ্লুৰ বাবে ৰাজ্যসমূহলৈ সতৰ্কতা জাৰি পৰিৱেশ মন্ত্ৰণালয়ৰ

শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত দেখা দিয়া বাৰ্ড ফ্লুৰ সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া সতৰ্কতা সন্দৰ্ভত এক জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে ৷ এই চৰাইসমূহ H5N1 এভিয়ান ইনফ্লুয়েঞ্জা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷

এখন আজৱ আৰক্ষী চকীঃ অপৰাধীক ৰাখিবলৈ নাই ল'ক-আপ

এই আৰক্ষী চকীখনে উদঙাইছে ৰাজ্যৰ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত স্বৰূপ ৷ জনতাৰ সেৱাৰ নামত দীৰ্ঘদিনে যমৰ যাতনা ভুগিব লগীয়া হৈছে জনহিত-জনসেৱাৰ্থে নিয়োজিত আৰক্ষী চকীখনৰ আৰক্ষীৰ জোৱান সকলে ৷

‘কা’ৰ বিৰোধিতা কৰা বিদ্যাসাগৰৰ এইবাৰ ওলোটা শৰ!

মাজুলীত উপস্থিত গৈ ‘কা’ক সমৰ্থন কণ্ঠশিল্পী বিদ্যাসাগৰৰ ৷ প্ৰাণৰ ভাবুকি দি তেওঁক ‘কা’ আন্দোলনলৈ লৈ যোৱা বুলি বিস্ফোৰক মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷

পৰৱৰ্তী প্ৰায় তিনিমাহৰ ভিতৰত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব অসামৰিক বিমান খণ্ড

দেশৰ ঘৰুৱা অসামৰিক বিমান খণ্ড দুই-তিনিমাহৰ ভিতৰত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ অসামৰিক বিমান সচিব প্ৰদীপ সিং খাৰোলাৰ ৷ লগতে তেওঁ কয় যে, এতিয়াও বেয়া সময়ৰ অন্ত পৰা নাই ৷

দৰঙত আলোচনাপন্থী আলফা নেতাসহ 7 জনক আটক

বৃহস্পতিবাৰে দৰঙৰ লগতে ওদালগুৰি আৰু গুৱাহাটী মহানগৰীত অভিযান চলাই আলোচনাপন্থী আলফাৰ নেতাসহ মুঠ 7 জনকৈ লোকক আটক দৰং আৰক্ষীৰ ৷ আটকাধীন লোক কেইজনৰ ভিতৰত কেইজনমানে আলফাত দুখীয়া ঘৰৰ যুৱকক সদস্য ভৰ্তিৰ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বহু দুখীয়া ঘৰৰ যুৱকৰ জীৱন ৰক্ষা পৰা বুলি জিলা আৰক্ষী অধীক্ষকে সদৰি কৰে ৷

দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা বোম্বে উচ্চ ন্যায়ালয়ৰ

বোম্বে উচ্চ ন্যায়ালয়ত ঔৰংগাবাদৰ বিচাৰপীঠে বিভিন্ন সংবাদ মাধ্যমত দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ বিচাৰপতি টি.ভি নালাৱাদে আৰু এম.এছ সেৱালিকাৰে এই নিষেধাজ্ঞাৰ শুনানি জাৰি কৰে ৷

হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ

হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ অলিছিগা নতুন বস্তিত বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত নামি অহা এটা বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ ৷

বিধায়ক হোৱাৰ সপোন দেখা এজন ঝালমূৰীৱালা

ধন নাথাকিলেও ৰাইজৰ সহায় সাহাৰ্য লৈ নিৰ্বাচন খেলিবলৈ মন মেলিছে এই গৰাকী ঝালমূৰীৱালাই ৷ বিগত 16 বছৰে বাটে-পথে ঝালমূৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ঝালমূৰীৱালা গৰাকীয়ে এইবাৰ সপোন দেখিছে বিধানসভালৈ যোৱাৰ ৷

দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত 7 টাকৈ গৰুৰ মৃত্যু

দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত 7 টাকৈ গৰুৰ মৃত্যু ৷ নিয়ন্ত্ৰন হেৰুৱাই পকী দলঙৰ ৰেলিং ভাঙি গৰু কঢ়িয়াই অনা বাহনখন খাৱৈত সোমোৱাৰ ফলতে গৰুকেইটাৰ মৃত্যু হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.