ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 24, 2020, 10:58 AM IST

অৰুণ জেটলীৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ

সোমবাৰে প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী অৰুণ জেটলীৰ প্ৰথমটো মৃত্য়ু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও টুইটযোগে প্ৰয়াত মন্ত্ৰী গৰাকীৰ বিষয়ে কিছু কথা উল্লেখ কৰে ৷

হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

হোজাইত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ চোৰাং কাঠৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে বন বিভাগৰ বিশেষ তৎপৰতা ৷ দেওবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ৷

ছাত্ৰ সন্থাৰ পতাকা দুৰ্বৃত্তই ভৰিৰে গঠকি পেলাই থৈ যোৱাৰ অভিযোগ গৌৰীসাগৰ ছাত্ৰ সন্থাৰ

সোমবাৰে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা গ্ৰহণ কৰিছিল এক 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ কিন্তু অনশন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ প্ৰতিবাদস্থলীত লগোৱা পেণ্ডেল দেওবাৰে নিশা কোনো দুৰ্বৃত্তই আহি ভাঙি থৈ যোৱাৰ লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ ধ্বজাবাহক পতাকাখন ভৰিৰে গছকি পেলাই থৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ছাত্ৰনেতা সকলে ৷

ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰীৰ গোচৰ

আমেৰিকাত WECHAT এপছ্ ব্যৱহাৰকাৰী সকলে আদালতত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৷ চীনা এপছ্টো নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই গোচৰ ব্যৱহাৰকাৰীৰ ৷

ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ পাকিস্তানক চাপ প্ৰদান কৰিব লাগে: ৰামদাস আথাৱালে

"ইব্ৰাহিমৰ দৰে অপৰাধীক ফাঁচীকাঠত ওলমাব লাগে ৷ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক চাপ প্ৰদান কৰিব লাগে সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ ৷" দেওবাৰে এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে ৷

লক ডাউন ভংগ কৰি নগাঁৱত বিধায়কৰ নিৰ্বাচনী সভা

প্ৰশাসনৰ নীতি-নিয়ম ভংগ কৰি নগাঁৱৰ ৰূপহীহাটত বিধায়কৰ নিৰ্বাচনী সভা ৷ হাতীপাৰা অঞ্চলত বিধায়ক নুৰুল হুদাই অঞ্চলটোৰ কংগ্ৰেছ নেতাকৰ্মীক লগত লৈ স্থানীয় নেতা গিয়াছ উদ্দিনৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত কৰে নিৰ্বাচনী সভা । অঞ্চলটোৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাৱে সুৰাসমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

বকোত বন্যহস্তীৰ উপদ্ৰৱ: কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

বন বিভাগক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাছতো বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

শংকৰ-আজানৰ দেশত ইছলাম ধৰ্মীয় লোকে সাজি দিলে নামঘৰ

ধেমাজিৰ চিলাপথাৰত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । ইছলাম ধৰ্মৰ লোকে নিৰ্মাণ কৰিলে নামঘৰ । ২২নং অসম আৰক্ষী বাহিনীৰ কামাণ্ডেন্ট মোছলেহ উদ্দিন আহমেদে নিৰ্মাণ কৰিলে জগত গুৰু শ্রীমন্ত শংকৰদেৱ নামঘৰ ।

কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ আহ্বান চৰকাৰলৈ

কলগাছিয়াত বানত ক্ষতিগ্ৰস্ত হোৱা ৰাইজে ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনাইছে ৷ লগতে, টেঙাগাঁৱলৈ যোৱা গড়কাপ্তানি পথটো মেৰামতি কৰি মৰণফান্দৰ পৰা ৰাইজক বচাবলৈ ৰাইজে দাবী জনাইছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.