ETV Bharat / bharat

নিজা দল এৰি ছিকিম ডেমক্ৰেটিক ফ্ৰন্টত যোগ দিব বাইচুং ভূটীয়াই - Sikkim Democratic Front

ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক বাইচুং ভূটীয়াই ৷ বৃহস্পতিবাৰে এছডিএফত যোগ দিব বাইচুঙে ৷

Bhaichung Bhutia to join Sikkim Democratic Front
ছিকিম ডেমক্ৰেটিক ফ্ৰন্টত যোগ দিব বাইচুং ভূটীয়াই
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:40 PM IST

নিউজ ডেস্ক, ২২ নৱেম্বৰ: ভাৰতৰ প্ৰাক্তন ফুটবল অধিনায়ক বাইচুং ভূটীয়াই পুনৰ ৰাজনৈতিক সিদ্ধান্ত সলনি কৰিছে । ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙৰ দল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টত (এছডিএফ) যোগদান কৰিবলৈ সাজু হৈছে প্ৰাক্তন তাৰকা ফুটবলাৰগৰাকী । পূৰ্বে পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ সংগ ত্যাগ কৰি ভূটীয়াই ছিকিমত নিজাকৈ ৰাজনৈতিক দল হামৰো ছিকিম গঠন কৰিছিল ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা তেওঁ ছিকিমৰ ৰাভাংলাত এছডিএফত যোগদান কৰিব । ৰাজনৈতিক সংযোগ সলনি কৰাৰ বাবে তেওঁক বহু সময়ত সমালোচনা কৰা হৈছে । লগতে ভূটীয়াৰ ভূমিকাক সমালোচনা কৰিছে ছিকিমৰ শাসকীয় দল প্ৰেম সিং গোলৰ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ।

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ মুখ্য উপদেষ্টা চন্দ্ৰপ্ৰকাশ ভট্টা ৰায়ে কয়, "এদিন বাইচুং ভূটীয়াই পৱন চামলিং আৰু তেতিয়াৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল । এতিয়া তেওঁ আদৰ্শ পাহৰি তাত যোগদান কৰিছে । ইয়াৰ পূৰ্বে তেওঁ তৃণমূল কংগ্ৰেছলৈ গৈছিল । কি লাভ হৈছে ? ছিকিমত তেওঁৰ ৰাজনীতি বা ৰাজনৈতিক দলৰ কোনো অস্তিত্ব নাই । তেওঁৰ কোনো প্ৰভাৱ নাই । তেওঁৰ লগত এজনো মানুহ নাই । আমি ভূটীয়াক খেলুৱৈ হিচাপে সন্মান কৰো, কিন্তু ভূটীয়াক ৰাজনীতিবিদ হিচাপে ভাল নাপাওঁ ।"

ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ উপ-সভাপতি ডি বি থাপাই কয় যে ইয়াৰ পূৰ্বেও কেইবাবাৰো আলোচনা হৈছে । বাইচুং ভূটীয়াই যোগদান কৰিলে দলৰ বাবে ভাল হ’ব । দলৰ ক্ষমতা বৃদ্ধি পাব । বাইচুং ভূটীয়া দলৰ মুখ হ’ব ৷ শেহতীয়াকৈ আমি উত্তৰ ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ সৈতে একেলগে কাম কৰিছো ।"

কিন্তু ৰাজ্যৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ নেতৃত্বই এই সন্দৰ্ভত মুকলিকৈ একো ক’ব বিচৰা নাছিল । দাৰ্জিলিং জিলা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ আলোক চক্ৰৱৰ্তীয়ে কয়, "যিকোনো দলত যোগদান কৰাৰ সকলোৰে অধিকাৰ আছে । ভাইচুঙৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল তৃণমূল কংগ্ৰেছৰ পৰা । যি দললৈ যাওক, তেওঁ মনোনিৱেশ কৰাটো প্ৰয়োজন ।" ২০১৬ চনত ভাইচুঙে শিলিগুৰি বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেতিয়াৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ হৈ চিপিএমৰ শক্তিশালী নেতা অশোক ভট্টাচাৰ্যৰ বিৰুদ্ধে যুঁজ দিছিল বাইচুঙে । কিন্তু বিধানসভা নিৰ্বাচনত ভূটীয়া পৰাজিত হয় ।

পিছলৈ মমতা বেনাৰ্জীয়ে ভূটীয়াক যুৱ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়ে । কিন্তু পৰাজয়ৰ পিছত ভূটীয়াই তৃণমূল কংগ্ৰেছৰ পৰা দূৰত্বত অৱস্থান কৰে । ২০১৯ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ পিছত তেওঁ গঠন কৰে নতুন ৰাজনৈতিক সংগঠন হামৰো পাৰ্টী । কিন্তু তাতো তেওঁ বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিলে ।

এবছৰৰ পাছত তেওঁৰ দলৰ শীৰ্ষ নেতাসকলে এজন এজনকৈ পদত্যাগ কৰি কোনোবাই পৱন চামলিং শিবিৰত আৰু কোনোবাই প্ৰেম সিং গোলৰ শিবিৰত যোগদান কৰে । এতিয়া ভূটীয়াই নিজেই নিজৰ দলৰ সৈতে এছ ডি এফত যোগদান কৰিছে । দলীয় সূত্ৰৰ মতে, চামলিঙে ভূটীয়াক এটা গুৰুত্বপূৰ্ণ পদ দিব । পৰৱৰ্তী নিৰ্বাচনত দলৰ অন্যতম মুখ হিচাপেও তেওঁক প্ৰক্ষেপ কৰা হ’ব । বৰ্তমান ছিকিমৰ ৩২খন বিধানসভাৰ আসনৰ ভিতৰত ২১খন ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ, ১০খন বিজেপি আৰু ১খন এছডিএফৰ দখলত আছে ।

লগতে পঢ়ক: বিহাৰক বিশেষ মৰ্যাদা দিবলৈ কেন্দ্ৰক অনুৰোধ; নীতিশ কেবিনেটত গৃহীত প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.