ETV Bharat / bharat

Bhaichung Bhutia in Tripura: ত্ৰিপুৰাত ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব বাইচুং ভূটিয়া

author img

By

Published : Dec 16, 2021, 4:11 PM IST

বুধবাৰে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই উদ্বোধন কৰে টিপ্ৰা ফুটবল লীগৰ ফাইনেল খেল (Bhaichung Bhutia inaugurate TFL final match)। এই অনুষ্ঠানতে খেলুৱৈ গৰাকীক টিটিএএডিচি প্ৰশাসনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে লোৱাৰ কথা ঘোষণা কৰে টিপ্ৰা মোথাৰ নেতা প্ৰদ্যুৎ কিশোৰে । ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব খেলুৱৈগৰাকী ।

Bhaichung Bhutia in Tripura
ড্ৰাগছ আৰু এইডছ বিৰোধী অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ হ'ব বাইচুং ভূটিয়া

আগৰতলা,১৬ ডিচেম্বৰ : পোন প্ৰথমবাৰৰ বাবে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদে (TTAADC) আয়োজন কৰিছে এক বৃহৎ ফুটবল প্ৰতিযোগিতাৰ । টিপ্ৰা ফুটবল লীগৰ (TFL) ফাইনেল খেলখন বুধবাৰে অনুষ্ঠিত হয় । এই লীগৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়া (Bhaichung Bhutia inaugurate TFL final match)।

মুঠ ৩৩ টা আঞ্চলিক দলে অংশগ্ৰহণ কৰা এই ফুটবল লীগৰ চূড়ান্ত খেলখন গোমতী জ'ন আৰু টিটিএএডিচি পশ্চিম মণ্ডলৰ মাজত অনুষ্ঠিত হয় । য'ত ৩-২ গ'লত গোমতী জ'ন দলটো জয়ী হয় । বিজয়ী গোমতী জ'ন দলটোক ৩ লাখ টকা আৰু টিটিএএডিচি পশ্চিম মণ্ডলৰ দলটোক ১.৫ লাখ টকা প্ৰদান কৰা হয় । আনহাতে তৃতীয় স্থান লাভ কৰা দলটোক ৭৫ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় ।

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বাইচুং ভূটিয়াই টিটিএএডিচি প্ৰশাসন আৰু নেতা প্ৰদ্যুৎ কিশোৰক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ ত্ৰিপুৰাত এনে ধৰণৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে আনন্দিত আৰু ভৱিষ্যতেও এনে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি তেওঁ আশাবাদী ।

তেওঁ লগতে কয় যে কেৱল ত্ৰিপুৰাতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ক্ৰীড়াৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । উত্তৰ-পূৱৰ যুৱক-যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব । ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে টিটিএএডিচি প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ দৰে অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত সকলোকে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় খেলুৱৈগৰাকীয়ে ।

ইফালে এই অনুষ্ঠানতে ড্ৰাগছ আৰু এইডছৰ বিৰুদ্ধে সজাগতাৰ বাবে এক বৃহৎ ঘোষণা কৰে টিপ্ৰা মোথাৰ নেতা প্ৰদ্যুৎ কিশোৰে । নেতাগৰাকীয়ে ঘোষণা কৰা মতে বাইচুং ভূটিয়া হ'ব ড্ৰাগছ আৰু এইডছৰ বিৰুদ্ধে টিটিএএডিচিৰ ব্ৰেণ্ড এম্বেচেডৰ (Bhaichung Bhutia to be TTAADC Brand Ambassador) । নেতাগৰাকীৰ মতে যুৱক-যুৱতীসকলক ক্ৰীড়াৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে থিয় হ'বলৈ শিকোৱাটোৱে হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্যে । তেওঁ উল্লেখ কৰা মতে ত্ৰিপুৰাত ড্ৰাগছৰ প্ৰচলন আৰু এইডছ ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ তেওঁ যথেষ্ট চিন্তিত ।

তেওঁৰ মতে ৰাজ্যখনৰ সৰহ সংখ্যক লোকে ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাটো অতি প্ৰয়োজন । বাইচুং ভূটিয়াক প্ৰশংসা কৰি নেতাগৰাকীয়ে কয় যে ছিকিমৰ খেলুৱৈগৰাকী বহুতৰ বাবে আদৰ্শ হৈ পৰিছে । ইতিমধ্যে খেলুৱৈগৰাকীয়ে ব্ৰেণ্ড এম্বেচেডৰৰ বাবে সন্মতি প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে । সামৰণি অনুষ্ঠানত টিটিএএডিচিৰ মুখ্য কাৰ্যবাহী সদস্য পুৰাণ চন্দ্ৰ জামাতিয়াকে ধৰি টিটিএএডিচিৰ সকলো কাৰ্যবাহী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক :40th Agartala Book fair : ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলাৰ প্ৰথমখন প্ৰস্তুতি সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.