ETV Bharat / bharat

শ্বহীদ ভগত সিঙৰ জন্মজয়ন্তী: স্বাধীনতা সংগ্ৰামীৰ ত্যাগক স্মৰণ মোডীৰ

দেশজুৰি পালন স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ ১১৪ সংখ্যক জন্ম বাৰ্ষিকী । শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সাহস আৰু ত্যাগক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ।

Bhagat Singh
শ্বহীদ ভগত সিঙৰ জন্মজয়ন্তী
author img

By

Published : Sep 28, 2021, 1:13 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : মঙলবাৰে স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ ১১৪ সংখ্যক জন্ম জয়ন্তী দেশজুৰি পালন কৰা হয় । স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্ম জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) বিশেষ টুইটযোগে শ্ৰদ্ধাঞ্জলি জনায় । প্ৰধানমন্ত্ৰী গৰাকীৰ মতে সাহসী শ্বহীদ ভগত সিং (Bhagat Singh) সকলো ভাৰতীয়ৰ হৃদয়ত আছে ।

  • आजादी के महान सेनानी शहीद भगत सिंह को उनकी जन्म-जयंती पर विनम्र श्रद्धांजलि।

    The brave Bhagat Singh lives in the heart of every Indian. His courageous sacrifice ignited the spark of patriotism among countless people. I bow to him on his Jayanti and recall his noble ideals. pic.twitter.com/oN1tWvCg5u

    — Narendra Modi (@narendramodi) September 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ সাহস আৰু ত্যাগে অগনন ভাৰতীয়ৰ মনত দেশপ্ৰেম জগাই তোলে । সেয়ে মহান নায়কগৰাকীৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ বলিদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, শ্বহীদ ভগত সিঙৰ জন্ম ১৯০৭ চনত ফৈজালাবাদ জিলাৰ বাঙা গাঁৱত হৈছিল যি বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশ । ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱী স্বাধীনতা সংগ্ৰামী গৰাকীৰ দুটাকৈ নাটকীয় হিংসাত্মক কাৰ্য আৰু ২৩ বছৰ বয়সত তেওঁৰ মৃত্যুদণ্ডই তেওঁক ভাৰতীয় স্বাধীনতা আন্দোলনৰ লোক নায়ক হিচাপে চিনাকি দিয়ে ।

১৯৩১ চনৰ ২৩ মাৰ্চত শিৱৰাম হৰি ৰাজগুৰু (Shivaram Hari Rajguru) আৰু সুখদেৱ থাপাৰৰ (Sukhdev Thapar) সৈতে লাহোৰ কাৰাগাৰত ভগত সিঙক ফাঁচী দিয়া হৈছিল ।

লগতে পঢ়ক:দেশবাসীলৈ 35 বিধ শস্য উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.