ETV Bharat / bharat

Balasore Train mishap: ৩ ৰে'লৱে কৰ্মচাৰীক গ্ৰেপ্তাৰ CBIৰ; ৫ দিনৰ চিবিআইৰ জিম্মালৈ প্ৰেৰণ - ৩ ৰে’ল বিষয়াক ৫ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ

৩ ৰে’ল বিষয়াক ৫ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ ৷ বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত প্ৰথমবাৰলৈ গ্ৰেপ্তাৰ কৰা হৈছে ৰে’ল বিষয়াকেইগৰাকীক । ভাৰতীয় দণ্ডবিধিৰ ৩০৪ আৰু ২০১ ধাৰা আৰু ৰে'ল আইন, ১৯৮৯ৰ ধাৰা ১৫৩ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াকেইগৰাকীক ৷

Balasore Train mishap
ৰে'লৱে কৰ্মচাৰীক গ্ৰেপ্তাৰ CBIৰ
author img

By

Published : Jul 8, 2023, 7:44 AM IST

Updated : Jul 8, 2023, 8:30 AM IST

নিউজ ডেস্ক, ৮ জুলাই: ওড়িশাৰ বালাচোৰৰ ট্ৰিপল ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইয়ে তিনিজন ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে । তিনিওজন জ্যেষ্ঠ শাখা অভিযন্তা (সংকেত) অৰুণ কুমাৰ মহন্ত, শাখা অভিযন্তা মহম্মদ আমিৰ খান আৰু টেকনিচিয়ান পাপ্পু কুমাৰ বুলি চিনাক্ত কৰা হৈছে । বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা এইকেইজনেই প্ৰথম লোক ।

ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (অপৰাধমূলক হত্যা) আৰু ২০১ (প্ৰমাণ ধ্বংস) ধাৰাৰ অধীনত ৰে’লৱে কৰ্মচাৰীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰাৰ পাচত তেওঁলোকক চিবিআইৰ এখন বিশেষ আদালতত হাজিৰ কৰা হয় ৷ আদালতে ৰে'ল কৰ্মচাৰীকেইজনক অধিক জেৰাৰ বাবে পাঁচ দিনৰ ৰিমাণ্ড প্ৰদান কৰে । চিবিআইয়ে পৰৱৰ্তী তদন্তৰ বাবে তিনিওজনক সাত দিনৰ ৰিমাণ্ড বিচাৰিছিল যদিও আদালতে ৰে'ল কৰ্মচাৰীকেইজনক অধিক জেৰাৰ বাবে পাঁচ দিনৰ ৰিমাণ্ড প্ৰদান কৰে ।

উল্লেখ্য যে, ২ জুনত ওড়িশাৰ বাহানাগা বজাৰত ক'ৰ'মণ্ডল এক্সপ্ৰেছ, যশৱন্তপুৰ-হাওৰা এক্সপ্ৰেছ আৰু এখন মালগাড়ীৰ মাজত সংঘৰ্ষৰ ফলত দশকটোৰ ভিতৰতে আটাইতকৈ ভয়ানক ৰে'ল দুৰ্ঘটনা সংঘটিত হয় (Odisha triple train accident) । এই ভয়াৱহ ৰে’ল ট্ৰেজেডীত, ২৯৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সহস্ৰাধিক লোক আহত হৈছিল ৷ দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল বৰ্তমানলৈ কেইবাজনো লোকক চিনাক্ত কৰিব পৰা হোৱা নাই ৷

ওড়িশাৰ কটক জিলাৰ বালাছোৰ জিআৰপিএছ ৩ জুনত এই দুৰ্ঘটনাৰ সন্দৰ্ভত ৬৪ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷ পাচত এই গোচৰটোৰ তদন্তৰ দায়িত্ব চিবিআইলৈ হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক: Balasore Train Accident : ওড়িশা চৰকাৰৰ সন্মতি; বালাছোৰ ৰে'ল দুৰ্ঘটনাত গোচৰ ৰুজু চিবিআইৰ

Last Updated : Jul 8, 2023, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.