ETV Bharat / bharat

Kedarnath temple gold case: ৰাহুল গান্ধীৰ কেদাৰনাথ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মন্দিৰ সমিতিৰ

বিগত বৰ্ষত কেদাৰনাথ ধামৰ গৰ্ভগৃহত প্ৰায় ২৩ কেজি সোণৰ আৱৰণ দিয়া হৈছিল । এই কাম সম্পূৰ্ণ হোৱাৰ পাচতেই গৰ্ভগৃহত সোণৰ আৱৰণৰ স্থানত কাঁহেৰে আবৃত প্লেট থকাৰ কথা পোহৰলৈ আহে ৷ বিৰোধীয়ে এই বিষয়ক লৈ ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰি আহিছে । ইয়াৰ মাজতে আজি কেদাৰনাথ ধামত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীৰ কেদাৰনাথ ভ্ৰমণৰ মাজতে মন্দিৰ সমিতিয়ে মুখ্যমন্ত্ৰী ধামীলৈ পত্ৰ লিখি গৰ্ভগৃহৰ পৰা সোণ নোহোৱা বিষয়ত এছ আই টিৰ তদন্তৰ দাবী জনায় ।

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:21 PM IST

Kedarnath temple gold case
ৰাহুল গান্ধীৰ কেদাৰনাথ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ মন্দিৰ সমিতিৰ

নিউজ ডেস্ক, ৬ নৱেম্বৰ: কেদাৰনাথ মন্দিৰত সোণক লৈ চলি থকা বিতৰ্ক ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । এতিয়ালৈকে কেৱল বিৰোধী নেতাসকলেহে এই বিষয়টো উত্থাপন কৰিছিল যদিও এতিয়া মন্দিৰ সমিতিৰ সদস্যসকলে এই বিষয়ত এছ আই টিৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দাখিল কৰিছে । কংগ্ৰেছেও এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই আহিছে ।

কেদাৰনাথ সোণৰ বিবাদৰ SIT তদন্তৰ দাবী: কেদাৰনাথ মন্দিৰত সোণ বিবাদক লৈ তদন্ত আৰম্ভ হ’লে মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ক জেৰা কৰাটো নিশ্চিত ৷ অজেন্দ্ৰ অজয় ​​এতিয়ালৈকে মৌন হৈ আছিল কাৰণ এই বিষয়ত কেৱল কংগ্ৰেছ আৰু আন দলৰ নেতাসকলেহে মাত মাতি আহিছিল । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক সাক্ষাৎ কৰাৰ পাচত সকলো সদস্যই কেদাৰনাথত সোণৰ বিৰ্তকৰ সন্দৰ্ভত এছ আই টিৰ তদন্তৰ দাবী জনাইছে ।

Kedarnath temple gold case
মুখ্যমন্ত্ৰীলৈ পত্ৰ কেদাৰনাথ ধাম মন্দিৰ সমিতিৰ

বদ্ৰী কেদাৰৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ: মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ লিখা পত্ৰখনত মন্দিৰ সমিতিৰ সদস্যসকলে কেদাৰনাথ আৰু বদ্ৰীনাথক লৈ চলি থকা দুৰ্নীতি আৰু অনিয়মৰ খবৰে বদ্ৰীনাথ আৰু কেদাৰনাথৰ ভাবমূৰ্তি কলংকিত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ ভাবমূৰ্তিও কলংকিত কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁলোকে এনে পৰিস্থিতিত এই সমগ্ৰ বিষয়টোৰ ওপৰত এছ আই টিৰ তদন্ত কৰাটো অতি প্ৰয়োজনীয় বুলি ল্লেখ কৰে ৷ মন্দিৰ সমিতিৰ সদস্যসকলেও মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত লগতে উল্লেখ কৰে যে এতিয়ালৈকে সকলোৱে সোণৰ বিষয়ত মৌন হৈ আছে । কিন্তু এই প্ৰশ্নটো বাৰে বাৰে মন্দিৰ সমিতিৰ সদস্য, পুৰোহিত আৰু মন্দিৰৰ সৈতে জড়িত লোকসকলক সোধা হৈছে । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে অতি সোনকালে এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰা উচিত ।

Kedarnath temple gold case
কেদাৰনাথ ধামৰ গৰ্ভগৃহ

মন্দিৰ সমিতিৰ সদস্য পুষ্কৰ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ধামীকে ধৰি কোটি কোটি দেশবাসীৰ ধামসমূহৰ ওপৰত বিশ্বাস আছে । আমি মাথোঁ বিচাৰো যে যি হৈ আছে তাৰ তদন্ত হওক । আমি কাৰো বিৰোধী নহয় ।

ৰাহুল গান্ধীয়ে কেদাৰনাথ সোণৰ বিষয়টো উত্থাপন কৰিব পাৰে: ৰাহুল গান্ধী বৰ্তমান কেদাৰনাথ ধামত উপস্থিত হৈছে । তেওঁ যিদৰে বিভিন্ন ৰাজ্যলৈ গৈ জনতাৰ সৈতে ফটোলৈ নিজৰ ইউটিউব চেনেলত আপলোড কৰি আছে । এনে পৰিস্থিতিত তেওঁ কেদাৰনাথত থাকি বহু বিষয় উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ সম্ভৱ এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ সমিতিৰ সদস্যসকলে হয়তো তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰীলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে । ৰাহুল গান্ধীৰ কেদাৰনাথত উপস্থিত হোৱাৰ পাচত আকৌ এবাৰ সোণৰ বিষয়টো উত্থাপন হোৱাটো স্বাভাৱিক । মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ৰ ওপৰতো প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাৱনা ।

Kedarnath temple gold case
কেদাৰনাথ ধামৰ গৰ্ভগৃহ

কেদাৰনাথ মন্দিৰত সোণৰ বিষয়টো কি? ২০২২ চনৰ অক্টোবৰ মাহত কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহৰ বেৰত সোণেৰে আৱৰণ দিয়াৰ কাম সম্পূৰ্ণ হয় । জানিব পৰা মতে, মুম্বাইৰ এজন ব্যৱসায়ীয়ে মন্দিৰ সমিতিলৈ ২৩ কেজি সোণ দান কৰিছে । ইয়াৰ পিচত কেদাৰনাথ মন্দিৰৰ দেৱাল আৰু চিলিং ৫৫০ খন সোণৰ ফলকেৰে আবৃত কৰা হয় । ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ ২ জন বিষয়াৰ তত্বাৱধানত সোণৰ প্লেটিঙৰ কাম কৰা হৈছিল ।

কাম সম্পূর্ণ হোৱাৰ কিছু সময়ৰ পাচতে চাৰধাম মহাপঞ্চায়তৰ উপ সভাপতি সন্তোষ ত্রিবেদীয়ে দান কৰা ২৩.৭৮ কেজি সোণ চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰে ৷ সন্তোষ ত্ৰিবেদীৰ অভিযোগ আছিল যে যেতিয়া মন্দিৰৰ গৰ্ভগৃহত সোণৰ প্লেট স্থাপন কৰা হৈছিল, তেতিয়া সেইবোৰ পলিচ কৰাৰ প্ৰয়োজন কি আছিল । ইয়াৰ তদন্তৰ দাবী জনাইছিল তেওঁ । ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছেও তদন্তৰ দাবী জনাইছিল । ক্ৰমবৰ্ধমান বিতৰ্ক দেখি ধৰ্মীয় পৰিক্ৰমা সচিবে এখন তদন্ত সমিতি গঠন কৰি তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক: Deepotsav in Ayodhya : বিশ্ব অভিলেখৰ লক্ষ্যৰে অযোধ্যাত দীপোৎসৱৰ বিশাল আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.