ETV Bharat / bharat

ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে অযোধ্যাত ভূমিৰ পঞ্জীয়নো বৃদ্ধি - Ram Mandir consecration

পূৰ্বৰে পৰা অযোধ্যা লাখ লাখ ভক্তৰ পছন্দ হৈ আহিছে যদিও ৰাম মন্দিৰৰ নিৰ্মাণৰ লগে লগে চহৰখনৰ প্ৰতি যথেষ্ট আকৰ্ষণ বাঢ়িছে (Ram Mandir)। চহৰখনত ভূমি ক্ৰয় কৰিবলৈও আগ্ৰহী হৈছে । যোৱা ৫ বছৰত ভূমি পঞ্জীয়ন প্ৰায় দুগুন বাঢ়িছে ।

Ram Mandir construction
ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে অযোধ্যাত ভূমিৰ পঞ্জীয়নো বৃদ্ধি
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 3:14 PM IST

নেশ্যনেল ডেস্ক,১২ জানুৱাৰী : ৰাম মন্দিৰ নিৰ্মাণ আৰু বিশাল অভিষেক অনুষ্ঠানৰ জৰিয়তে মন্দিৰ চহৰ অযোধ্যা এখন নতুন ব্যৱসায়িক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । অযোধ্যাত বাণিজ্যিক আৰু আৱাসিক দুয়োটা ক্ষেত্ৰতে ভূমিৰ মূল্যও বৃদ্ধি হৈছে ।

ফলস্বৰূপে, যোৱা ৫ বছৰত ভূমি পঞ্জীয়ন প্ৰায় দুগুণ হৈ ২৮,০০০ ৰ পৰা ৫০,০০০ হৈছে । লগতে, ষ্টাম্প আৰু পঞ্জীয়ন বিভাগে উপাৰ্জন কৰা ৰাজহ এই সময়ছোৱাত ৯২ কোটি টকাৰ পৰা ১৭৮ কোটি টকালৈ বৃদ্ধি হৈছে ।

ধৰ্মীয় নগৰী হিচাপে প্ৰতিষ্ঠিত অযোধ্যা এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে আটাইতকৈ পছন্দৰ গন্তব্যস্থানসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে । দেখা গৈছে যে আন ৰাজ্যৰ লোকসকলে অযোধ্যাত কেৱল ব্যৱসায় কৰিবলৈয়ে নহয় তাত বাস কৰিবলৈও আগ্ৰহী হৈছে ।

সম্পত্তি মুখ্যতঃ মূলত আশ্ৰম, হোটেল, অতিথিশালা, বিশ্ৰাম গৃহ আৰু মন্দিৰ স্থাপনৰ বাবে ক্ৰয় কৰা হৈছে । ইফালে ৰাম মন্দিৰ নিৰ্মাণৰ পিচতে ভক্তৰ নিৰন্তৰ প্ৰবাহ দেখা গৈছে । উত্তৰ প্ৰদেশৰ উপৰিও আন ৰাজ্যৰ পৰাও লাখ লাখ ভক্তৰ আগমন হোৱা দেখা গৈছে ।

ষ্টাম্প আৰু পঞ্জীয়ন বিভাগৰ স্বতন্ত্ৰ দায়িত্বত থকা ৰাজ্যিক মন্ত্ৰী ৰবীন্দ্ৰ জয়ছোৱালে কয় যে অযোধ্যাক ৰামনগৰী বুলিও জনা যায় আৰু এতিয়া ইয়াত ২২ জানুৱাৰীত এক বিশাল অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এনে পৰিস্থিতিত মানুহে অযোধ্যাত মাটি ক্ৰয় কৰি ইয়াত ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী হৈছে । ফলস্বৰূপে অযোধ্যাত ভূমি পঞ্জীয়ন বৃদ্ধি হৈছে আৰু পৰৱৰ্তী সময়ত বিভাগটোৱে অধিক ৰাজহ উপাৰ্জন কৰিছে ।

২০১৮ চনত, ২৮,০০০ পঞ্জীয়ন হৈছিল আৰু চৰকাৰে ৯২ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিছিল । একেদৰে ২০২২-২৩ চনত, পঞ্জীয়ন আছিল ৩৭,০০০ আৰু ৰাজহ আছিল ১৬০ কোটি টকা । ২০২৩-২৪ বৰ্ষত ইতিমধ্যে ৪৬,০০০ পঞ্জীয়ন নথিভুক্ত কৰা হৈছে । চৰকাৰে ১৭৮ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিছে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ সিদ্ধান্তত পলম হোৱাটো বিচাৰিছিল মোদীয়ে; প্ৰধানমন্ত্ৰীক আক্ৰমণ সুব্ৰমণিয়ম স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.