নেশ্যনেল ডেস্ক,১ জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতে দেশবাসীৰ বাবে এক বেয়া খবৰ । ১ জানুৱাৰীৰ পৰাই বেঙ্কিং ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হ'ব । যাৰ বাবে আপোনাৰ বাজেটত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব ।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) নিৰ্দেশনা অনুসৰি, সকলো বেংকৰ এটিএমত ধনৰ প্ৰতিটো লেনদেনত সেৱা মাচুল বৃদ্ধি কৰা হৈছে (ATM service charges increase)। গ্ৰাহকসকলে বিনামূলীয়া লেনদেনৰ বাহিৰে নগদ বা আন লেনদেনৰ ক্ষেত্ৰত ১ টকা অধিক ধন ভৰিব লাগিব । ২০২১ চনৰ ১০ জুনৰ RBIৰ অধিসূচনা অনুসৰি ১ জানুৱাৰীৰ পৰা বেংকবোৰক প্ৰযোজ্য কৰ ২০ টকাৰ পৰিৱৰ্তে ২১ টকা লোৱাৰ অনুমতি দিয়া হৈছে ।
অৱশ্যে, গ্ৰাহকসকলে তেওঁলোকৰ নিজা বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে পাঁচটাকৈ বিনামূলীয়া লেনদেনৰ সুবিধা পাব । আনহাতে আন বেংকৰ এটিএমৰ পৰা বিনামূলীয়া লেনদেনৰ ক্ষেত্ৰত মেট্ৰ' অঞ্চলৰ ATMত তিনিটা লেনদেন আৰু মেট্ৰ'ৰ বাহিৰত পাঁচটাকৈ লেনদেন কৰিব পাৰিব ।
ৰেপিপে ফিনটেকৰ মুখ্য কাৰ্যবাহী বিষয়া নিপুন জৈনে স্পষ্ট কৰি দিয়ে যে মাইক্ৰ' এটিএম আৰু আধাৰ সক্ষম পৰিশোধ প্ৰণালী (AEPS) ব্যৱহাৰ কৰি নগদ ধন উলিওৱা গ্ৰাহকসকলে এ.টি.এম. লেনদেন মাচুল বৃদ্ধি কৰাৰ শেহতীয়া আৰ.বি.আই. নিৰ্দেশনাৰ দ্বাৰা প্ৰভাৱিত নহ'ব । তেওঁ বিশ্বাস কৰা মতে ইয়াৰ দ্বাৰা প্ৰত্যক্ষ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত AEPS আৰু মাইক্ৰ' এটিএমৰ জৰিয়তে বৰ্ধিত নগদ ধন উলিওৱাৰ চাহিদা বৃদ্ধি পাব ৷ লগতে উত্তৰ-পূব, কাশ্মীৰ, লাডাখ আৰু উত্তৰাখণ্ডৰ দৰে ভৌগোলিক অঞ্চল আৰু দূৰৱৰ্তী অঞ্চলত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ লক্ষ্যত উপনিত হোৱাত সহায় কৰিব । বিষয়াগৰাকীয়ে জনোৱা মতে, যোৱা বছৰৰ পৰা তেওঁলোকে এক লাখতকৈও অধিক মাইক্ৰ' এটিএম ইতিমধ্যে বিক্ৰী কৰিছে ।
লগতে পঢ়ক :GST Changes from 1 January : পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব এনে কেতবোৰ নিয়ম