ETV Bharat / bharat

বিধানসভা নিৰ্বাচন 2021 : সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু পশ্চিমবংগ - Seizures in poll season

বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশৰ মুঠ পাঁচখন ৰাজ্যত নিৰ্বাচন আয়োগে চলোৱা অভিযানত সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু বাংলাদেশ ৷ 236 কোটি জব্দকৃত ধনেৰে সৈতে তামিলনাডু ধন জব্দৰ তালিকাৰ শীৰ্ষত থকাৰ লগতে মূল্যবান ধাতু জব্দৰ তালিকাতো ৰাজ্যখন শীৰ্ষত আছে ৷

Assembly Elections 2021 Seizures in poll season
বিধানসভা নিৰ্বাচন 2021 : সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু পশ্চিমবংগ
author img

By

Published : Apr 8, 2021, 8:50 PM IST

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল: দেশৰ মুঠ পাঁচ খন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন পৰ্যন্ত নিৰ্বাচন আয়োগে প্ৰায় 948 কোটি মূল্যৰ মূল্যবান পাথৰৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰৱ্য আদি জব্দ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত জব্দকৃত 226 কোটি মূল্যৰ জব্দকৃত সামগ্ৰীৰ তুলনাত এই পৰিমাণ 4.198 গুণ অধিক ৷ প্ৰলোভনমুক্ত নিৰ্বাচন, ধনবল তথা সুৰা আৰু বিনামূলীয়া সামগ্ৰীৰ প্ৰলোভন আদি বিষয় সমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আয়োগে বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ পাছতো জব্দকৃত সামগ্ৰীৰ এই পৰিমাণ যথেষ্ট চিন্তনীয় ৷

Assembly Elections 2021 Seizures in poll season
সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু বাংলাদেশ

জানিব পৰা মতে পশ্চিম বংগৰ 2016 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত 44.33 কোটি জব্দ হোৱাৰ বিপৰীতে এইবাৰৰ জব্দকৃত সামগ্ৰীৰ মুঠ পৰিমাণ 263.15 কোটি ৷ এই জব্দকৃত সামগ্ৰীৰ ভিতৰত আছে নগদ 40.27 কোটি হিচাপ বিহীন ধন, 10.28 কোটি মূল্যৰ মূল্যবান ধাতু, গাঞ্জা আৰু হেৰইনকে ধৰি 115.89 কোটি মূল্যৰ নিচাযুক্ত দ্ৰৱ্য আৰু 1935455 লিটাৰ সুৰা ৷

পাঁচ খন ৰাজ্যৰ পৰা 948 কোটি মূল্যৰ মূল্যবান পাথৰৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰৱ্য আদি জব্দ

উল্লেখ্য যে, আয়োগে 2016 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত তামিলনাডুৰ পৰা 130.99 কোটি জব্দ কৰাৰ বিপৰীতে এইবাৰ 445.81 কোটি জব্দ কৰিছে ৷ 2021 ত তামিলনাডুৰ পৰা নিৰ্বাচন আয়োগে নগদ 236.51 কোটি হিচাপবিহীন ধন জব্দ কৰাৰ লগতে 176.22 কোটি মূল্যৰ মূল্যবান ধাতু, 25.64 কোটি মূল্যৰ বিনামূলীয়া সামগ্ৰী আৰু 289618 লিটাৰ সুৰা জব্দ কৰিছে ৷

236 কোটি জব্দকৃত ধনেৰে সৈতে ধন জব্দৰ তালিকাৰ শীৰ্ষত তামিলনাডু

উল্লেখনীয়ভাৱে 2016 ৰ বিধানসভা নিৰ্বাচনত অসমত মাত্ৰ 16.58 কোটি জব্দ হোৱাৰ পৰিৱৰ্তে এইবাৰৰ নিৰ্বাচনত সৰ্বমুঠ 119.29 কোটি জব্দ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত অসমত 2044249 সুৰা জব্দ কৰা হৈছে ৷

পুডুচেৰীত পূৰ্বৰ নিৰ্বাচনত 7.74 কোটি জব্দ কৰাৰ পৰিৱৰ্তে এইবাৰ মুঠ 36.89 কোটি জব্দ কৰা হৈছে ৷ 2021 ৰ নিৰ্বাচনত মুঠ জব্দকৃত সামগ্ৰীৰ পৰিমাণৰ তালিকাত 176.22 কোটিৰে সৈতে এইবাৰো তামিলনাডু শীৰ্ষত থকাৰ পৰিৱৰ্তে 49.21 কোটিৰে সৈতে কেৰালা তালিকাৰ দ্বিতীয় স্থানত আছে ৷ উল্লেখ্য যে, অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীৰ বিভিন্ন ষ্টেচনত IT বিভাগৰ মুঠ 19 টা Air Intelligence Units (AIU) স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান বাধ্যতামূলক : দিল্লী উচ্চ ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.