ETV Bharat / bharat

Nagaland Civilian Killing: AFSPA প্ৰত্যাহাৰৰ দাবী কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ - assam congress mp khalek

সশস্ত্ৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহৰৰ লগতে নাগালেণ্ডত সংঘটিত হোৱা সেনাবাহিনীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া স্বচ্ছভাৱে কৰাৰ বাবে বিশেষ আহ্বান সাংসদ আব্দুল খালেকৰ ৷ অমিত শ্বাহৰ মন্তব্যক ভিত্তিহীন আখ্যা ৷

Nagaland Civilian Killing
Nagaland Civilian Killing
author img

By

Published : Dec 9, 2021, 7:05 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ : নাগালেণ্ডত সংঘটিত হোৱা সেনাবাহিনীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক দুৰ্ভগ্যজনক আখ্যা দিছে বৰপেটা সংসদীয় সমষ্টিৰ সাংসদ আব্দুল খালেকে (MP Abdul Khaleque on Army ambush in Nagaland) ৷ কেন্দ্ৰীয় চৰকাৰলৈ সশস্ত্ৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহৰৰ লগতে তদন্ত প্ৰক্ৰিয়া স্বচ্ছভাৱে কৰাৰ বাবে বিশেষ আহ্বান জনায় সাংসদ গৰাকীয়ে (Abdul Khaleque urges Centre to repeal AFSPA)৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সাংসদ খালেকে কয় যে, ‘‘এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা আৰু মই কেন্দ্ৰীয় চৰকাৰক এই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ স্বচ্ছ তদন্ত কৰোৱাৰ বাবে দাবী জনাম ৷ কিয়নো এইটো নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত এটা গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত ভুল ৷ মই ব্যক্তিগতভাৱে AFSA প্ৰত্যাহাৰ কৰাতো বিচাৰোঁ ৷ চৰকাৰে নিজেই কৈছিল যে আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হৈছে ৷ যদি আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হৈছে, তেন্তে AFSPAৰ প্ৰয়োজন ক’ত ?’’

নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীয়ে চলোৱা এটা উগ্ৰপন্থী বিৰোধী অভিযানত নিহত হৈছিল 14 গৰাকী নিৰীহ লোক (Civilian Killed in Nagaland by Army) ৷ এই ঘটনাই পুনৰ এবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA বিতাৰণৰ প্ৰসংগক উজ্জীৱীত কৰি তুলিছে ৷ সাংসদ খালেকে কয় যে, AFSPA কে ধৰি উত্তৰ-পূৱত বলৱৎ হৈ থকা সেনা বাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত যিকোনো আইন প্ৰত্যাহৰ কৰিব লাগে ৷ সমস্যাবোৰ আলোচনা আৰু আইনৰ দ্বাৰা সমাধা কৰিব লাগে ৷ AFSPA আৰু আন আইনে এই নিৰাপত্তাৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি মন্তব্য কৰে সাংসদ খালেকে ৷

লগতে পঢ়ক : Demand to repeal AFSPA: পুনৰ প্ৰাণ পাই উঠাৰ দিশে নগাৰ সশস্ত্ৰ সংগ্ৰাম

ইয়াৰ লগতে খালেকে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া বিবৃতিক ভিত্তিহীন আখ্যা দিয়ে (Amit Shah's statement on Nagaland incident)৷ তেওঁ কয় যে, শ্বাহৰ এই মন্তব্যৰ সৈতে একমত হ’ব নোৱাৰি ৷ সেয়ে অতি শীঘ্ৰে এক স্বচ্ছ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তোলে সাংসদ আব্দুল খালেকে ৷

সোমবাৰে লোকসভা আৰু ৰাজ্যসভাত এক বক্তব্যত অমিত শ্বাহে কয় যে, ভাৰতীয় সেনাই মন জিলাৰ টিজিত অঞ্চলৰ তিৰু গাঁৱত উগ্ৰপন্থীৰ উপস্থিতিৰ এক তথ্যৰ লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিত সেনাৰ 21 পেৰা কামাণ্ডোৰ এটা দলে 4 ডিচেম্বৰ তাৰিখে অঞ্চলটোত এম্বুশ্ব কৰে ৷ অভিযান কালত এখন বাহনক ৰখিবলৈ ইংগিত দিয়াৰ সময়তে পালয়নৰ চেষ্টা চলোৱাৰ বাবে গুলী চালনা কৰে সেনাই ৷ এই ঘটনাত বাহনখনত থকা 8 জন লোকৰ ভিতৰত 6 জনৰ মৃত্যু হয় ৷

সাংসদ খালেকে কয় যে, সেনা বাহিনী সদায় সস্তম আৰু দায়িত্বশীল হ’ব লাগে ৷ নিৰাপত্তা বাহিনী সদায় দুৰ্বৃত্তৰ সৈতে যুঁজ দিয়া আৰু যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে সাজু থাকিব লাগে ৷ কিন্তু সাধাৰণ নাগৰিকক বিনাকাৰণত হত্যা কৰাতো কেতিয়াও গ্ৰহণ যোগ্য নহয় তথা ই গৰিহণাৰ যোগ্য ৷

সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত হিংসা আৰু প্ৰতিবাদৰ জোৱাৰ তোলে ৷ সকলোৱে AFSPA প্ৰত্যাহাৰৰ দাবী তুলিছে ৷ বহু ছাত্ৰ সংগঠন, ৰাজনৈতিক দলে এই ঘটনাৰ পাচতে AFSA প্ৰত্যাহাৰৰ লগতে এই ঘটনাৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে ৷ নাগালেণ্ড কেবিনেটেও AFSA প্ৰত্যাহাৰৰ ববে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

ইয়াৰ মাজতে বুধবাৰে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদকদ্বয় জীতেন্দ্ৰ সিং আৰু অজয় কুমাৰে নাগালেণ্ড ভ্ৰমণৰ বাবে যায় ৷ কিন্তু যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰতে তেওঁলোকক জিলা প্ৰশাসনে আবদ্ধ কৰি ৰাখে ৷ যোৰহাটৰ উপায়ুক্ত অশোক বৰ্মনে জানিবলৈ দিয়া মতে, মন জিলাত বৰ্তি থকা জটিল পৰিস্থিতিৰ বাবে নাগালেণ্ড চৰকাৰে অসমৰ পৰা সাধাৰণ নাগৰিকৰ ভ্ৰমণত বাধা প্ৰদান কৰিছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.