ETV Bharat / bharat

Firing in Saket court: অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক - অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক

দিল্লীৰ সাকেট আদালত চৌহদত অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই এগৰাকী মহিলাক লক্ষ্য কৰি গুলীচালনা কৰে (Woman injured in firing at Saket court)। মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত ।

Firing in Saket court
অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই গুলীয়ালে মহিলাক
author img

By

Published : Apr 21, 2023, 12:50 PM IST

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : নতুন দিল্লীৰ সাকেট আদালতত ভয়ংকৰ ঘটনা । আদালত চৌহদত দুৰ্বৃত্তৰ গুলীচালনা । অধিবক্তাৰ পোছাকত অহা দুৰ্বৃত্তই এগৰাকী মহিলাক লক্ষ্য কৰি গুলীচালনা কৰে । গুৰুতৰভাৱে আহত মহিলাগৰাকী । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে (Delhi Saket court firing)।

শুকুৰবাৰে পুৱাই দিল্লীৰ সাকেট আদালতত হুলস্থূলীয়া পৰিৱেশ । আদালত চৌহদত এগৰাকী মহিলাক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে । জানিব পৰা মতে দুৰ্বৃত্তজন অধিবক্তাৰ পোছাকত আহিছিল । প্ৰত্যক্ষদৰ্শীৰ মতে অভিযুক্তজনে মহিলাগৰাকীক লক্ষ্য কৰি ৪ বাৰকৈ গুলীয়াইছিল (Woman shot by miscreants dressed as lawyer)।

আহত মহিলাগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । দুয়োগৰাকীৰে মাজত পূৰ্বৰে পৰা বিবাদ আছিল বুলি জানিব পৰা গৈছে । অৱশ্যে অভিযুক্তজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

লয়াৰ্ছ ব্লকৰ ওচৰত সংঘটিত এই ঘটনাই সমগ্ৰ আদালতত এক আলোড়নৰ সৃষ্টি কৰিছে । ঘটনাটোৰ সময়ত অধিবক্তাসকলো আদালতত উপস্থিত আছিল । একে সময়তে, একাংশ অধিবক্তা ঘটনাস্থলীৰ সমীপতে আছিল । ইফালে অভিযুক্তই কেনেকৈ অস্ত্ৰ লৈ আদালত চৌহদত প্ৰৱেশ কৰিব পাৰিলে তাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

প্ৰৱেশ দ্বাৰত থকা স্কেনাৰেৰে সকলোকে পৰীক্ষা কৰা হোৱা নাছিল নেকি বুলিও প্ৰশ্ন উঠিছে । অভিযুক্তই অধিবক্তা হোৱাৰ সুযোগ লৈছিল নেকি আৰু নিৰাপত্তা পৰীক্ষা কৰা নাছিল নেকি বুলিও বিভিন্ন মহলত চৰ্চা চলিছে । আৰক্ষীয়ে সমগ্ৰ দিশবোৰ পৰীক্ষা কৰি আছে ।

উল্লেখ্য যে যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰতো দিল্লীৰ ৰোহিনী আদালতৰ ভিতৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল (Rohini court firing case)। অধিবক্তাৰ পোছাকত অহা দুই বন্দুকধাৰীয়ে গুলী চালনা কৰিছিল । অৱশ্যে আৰক্ষীৰ গুলীত বন্দুকধাৰী নিহত হৈছিল । আক্ৰমণকাৰী ৰাহুল ত্যাগী আৰু জগদীপ জগ্গাই অধিবক্তাৰ পোছাক পৰিধান কৰি আদালতত প্ৰৱেশ কৰিছিল । তাৰ পাচতে গেংষ্টাৰ জীতেন্দ্ৰ মান ওৰফে গোগীৰ ওপৰত একাধিক গুলীচালনা কৰিছিল ।

লগতে পঢ়ক :Atiq Ashraf killing : আতিকৰ হত্যাকাৰীক সহায় কৰা ৩ জনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.