ETV Bharat / bharat

Rahul Gandhi statement over Savarkar : ৰাহুল গান্ধীক বিজেপিৰ আক্ৰমণ

author img

By

Published : Mar 27, 2023, 9:43 PM IST

ক্ষমা খোজা সন্দৰ্ভত ৰাহুল গান্ধীয়ে সাভাৰকাৰ নহয় আৰু ক্ষমা খুজিব নোৱাৰে বুলি কৰা মন্তব্যৰ পাছতে বিজেপিৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া (Rahul Gandhi statement over Savarkar)। কেইবাগৰাকী নেতাই ৰাহুল গান্ধীক সমালোচনা কৰিছে । ৰাহুলক গাধৰ সৈতেও তুলনা কৰিছে বিজেপি নেতাই ।

Rahul Gandhi statement over Savarkar
ৰাহুল গান্ধীক বিজেপিৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress protest on Rahul Gandhi disqualification)। ইয়াৰ মাজতে ৰাহুল গান্ধীক পুনৰ উভতি ধৰিলে বিজেপিয়ে । ক্ষমা বিচৰাৰ প্ৰসংগত ৰাহুল গান্ধীয়ে নিজকে সাভাৰকাৰ নহয় বুলি কোৱাৰ পাছতে বিজেপিৰ একাংশ নেতা তেওঁৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ।

কেন্দ্ৰীয় নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী তথা বিজেপি নেতা হৰদীপ সিং পুৰীয়ে ৰাহুল গান্ধীক সমালোচনা কৰি কংগ্ৰেছক কিছু গুৰুতৰ আত্মনিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁৰ মতে বিজেপিয়ে ভিডি সাভাৰকাৰক দেশৰ অন্যতম স্বাধীনতা সংগ্ৰামী হিচাপে গণ্য কৰিছে । মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক প্ৰশ্ন কৰি কয় যে তেওঁ সাভাৰকাৰজীৰ দৰে লোকৰ অৱদানৰ বিষয়ে জানেনে । ভাৰতৰ জনসাধাৰণে কৰ্মৰ বাবে তেওঁলোকক বিচাৰ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

হৰদীপ সিং পুৰীয়ে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি তেওঁক ঘোঁৰাৰ দৌৰত প্ৰতিদ্বন্দিতা কৰা এটা গাধ বুলি উপহাস কৰে (Hardeep Singh Puri referred Rahul as an ass)।

ৰাজঘাটৰ প্ৰতিবাদত প্ৰিয়ংকা গান্ধীৰ ভাষণক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ৰাজপথত নহয় আদালতত যুঁজিব লাগে । প্ৰিয়ংকা গান্ধীক উদ্দেশ্যি তেওঁ কয় যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মহাভাৰত আৰু সাভাৰকাৰক অপমান কৰিছে (Hardeep Singh Puri slams Priyanka Gandhi)।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাহুল গান্ধীক উপহাস কৰি কয় যে তেওঁ কেতিয়াও সাভাৰকাৰ হ'ব নোৱাৰে কাৰণ সাভাৰকাৰ কেতিয়াও ৬ মাহৰ বাবে বিদেশ ভ্ৰমণলৈ যোৱা নাছিল । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক অ'বিচি সম্প্ৰদায়ক অপমান কৰাৰ লগতে তেওঁলোকৰ ওচৰত ক্ষমা বিচৰা নাই বাবে সমালোচনাও কৰে (Anurag Thakur slams Rahul)। কংগ্ৰেছক লৈ ঠাকুৰে কয় যে দলটোৱে আদালতৰ আদেশও মানি নলয় । কংগ্ৰেছে একিয়া এই নাটকখন কিয় কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ অভিযোগ গান্ধী পৰিয়ালে নিজকে সাধাৰণ শ্ৰেণীৰ পৰা পৃথক, অভিজাত আৰু সংবিধানৰ উৰ্ধত বুলি ভাবে । ন্যায়িক আৰু আইনী অনুশীলনক লৈ কংগ্ৰেছে যিধৰণে হুংকাৰ দি আছে সেয়া দেখুৱায় যে গান্ধী পৰিয়াল ভাৰতৰ ন্যায়িক প্ৰক্ৰিয়া, সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ উৰ্ধত (Gajendra Singh Shekhawat on Gandhi family)। শ্বেখাৱতে লগতে কয় যে এগৰাকী সাংসদক অযোগ্য ঘোষণা কৰাৰ বিষয়টোত লোকসভাৰ কোনো বিবেচনামূলক ক্ষমতা নাথাকে ।

লগতে পঢ়ক :Goa CM slams Rahul Gandhi: সাভাৰকাৰৰ নাম মুখত লৈ আকৌ সমালোচনাৰ সন্মুখীন ৰাহুল গান্ধী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.