নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ বক্সাৰ সমষ্টিৰ সাংসদ অশ্বিনী কুমাৰ চৌবেৰ কনভয় ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় (MP Ashwini Kumar Choubey escort car plunges)৷ দেওবাৰে নিশা মন্ত্ৰীগৰাকীয়ে কোৰানচৰাই-মথিলা-নাৰায়ণপুৰ পথেৰে পাটনালৈ গৈ থাকোঁতেই প্ৰায় 9.30 বজাত উদ্ভট দলঙৰ ওচৰত তেওঁৰ এখন গাড়ী পথৰ কাষত বাগৰি পৰে (Ashwini Choubey escorting vehicles overturned) ৷ এই দুৰ্ঘটনাত বাহনখনত থকা চালকৰ লগতে চাৰিগৰাকী আৰক্ষীসহ 5 গৰাকী লোক আহত গুৰুতৰভাৱে আহত হয় (Five cops injured in accident) ৷
লগে লগে আহতকেইজনক দুমৰাও উপ-বিভাগীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ জানিব পৰামতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ ঠিক পিচতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেৰ ইনোভা গাড়ীখন আহি আছিল ৷ এই দুৰ্ঘটনাত কথমৰি প্ৰাণ ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷ বিহাৰৰ বাক্সাৰ জিলাত বিজেপি সাংসদ অশ্বিনী কুমাৰ চৌবেৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ঘটনাটোত চাৰিজন আৰক্ষী আৰু এজন চালক আহত হৈছিল । তেওঁলোক সকলোৱে দুমৰাও উপ-বিভাগীয় চিকিৎসালয়ত (Dumrao Sadar Hospital) চিকিৎসাধীন হৈ আছে ।
মন্ত্ৰীজনে দুৰ্ঘটনাস্থলীৰ পৰাই টুইটাৰোগে উল্লেখ কৰে, ‘‘বক্সাৰৰ পৰা পাটনালৈ যাত্ৰা কৰি থাকোঁতে দুমৰাওৰ মথিলা-নাৰায়ণপুৰ পথৰ পথ দলঙৰ খালত কোৰানচৰাই আৰক্ষী থানাৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় । ভগৱান শ্ৰী ৰামৰ কৃপাত এতিয়া সকলো ঠিকেই আছে ৷ মই আঘাতপ্ৰাপ্ত আৰক্ষী আৰু চালকজনৰ সৈতে দমৰাও সদৰ চিকিৎসালয়লৈ গৈ আছো।" ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ ভিডিঅ’সমূহ নিজ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’ত লুটি খাই পৰা বাহনখন মন্ত্ৰীগৰাকীয়ে নিজেই পৰিদৰ্শন কৰা দেখা গৈছিল (Minister shared videos on twitter)৷
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেয়ে বিহাৰ চৰকাৰৰ অত্যাচাৰী নীতি আৰু ৰামচৰিতমানসৰ অপমানৰ বাবে দুঃখিত হৈ শুকুৰবাৰৰ পৰা বক্সাৰত মৌন ব্ৰত ধাৰণ কৰি আছিল। উল্লেখ্য যে, আহতসকলৰ মাজৰ দুজনক উন্নত চিকিৎসাৰ বাবে পাটনাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ) (All India Institute of Medical Sciences) লৈ স্থানান্তৰ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দলৰ কৰ্মী অজয় তিৱাৰী আৰু তেওঁৰ নিৰাপত্তাকৰ্মী নগেন্দ্ৰ কুমাৰ চৌবে, মোহিত কুমাৰ, ধনেশ্বৰ কুমাৰ, কুঞ্জবিহাৰী ওজা, সহকাৰী উপ-পৰিদৰ্শক জয়ৰাম কুমাৰ, মুকেশ কুমাৰ, সুজয় কুমাৰ আৰু প্ৰেমকুমাৰ সিঙে তৎক্ষণাৎ সহাৰি জনাই দুৰ্ঘটনাটোত জড়িত বাহনখনৰ পৰা আৰক্ষী কৰ্মীসকলক উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
লগতে পঢ়ক: Food delivery boy died in Hyderabad : কুকুৰৰ ভয়ত তিনিমহলাৰ পৰা জপিয়াই মৃত্যু হ’ল ৰিজৱানৰ