ETV Bharat / bharat

তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ - বিধায়কৰ ওপৰত আক্ৰমণ

ত্ৰিপুৰাত তিনিবছৰত বিধায়কক আক্ৰমণৰ মুঠ 20 টা ঘটনা পঞ্জীয়ন ৷ বিগত তিনিবছৰত ৰাজ্যখনৰ কেইবাখনো ঠাইত বিজেপি আৰু চিপিআইএমৰ মুঠ 10 জন বিধায়কৰ ওপৰত আক্ৰমণ ৷ ঘটনা সন্দৰ্ভত মুঠ 20 টা গোচৰ ৰুজু কৰাৰ বিপৰীতে 36 জন অভিযুক্তক গ্ৰেপ্তাৰ ৷

ten mlas assaulted in last three years in tripura
তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ
author img

By

Published : Sep 29, 2021, 7:53 PM IST

আগৰতলা, 29 ছেপ্টেম্বৰ : ত্ৰিপুৰাত বিধায়কৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সংখ্যাই সকলোৰে চকু কপালত তুলিছে ৷ বিধানসভাত ৰাজ্যখনৰ গৃহবিভাগে উত্থাপন কৰা তথ্য অনুসৰি বিগত তিনিবছৰত ৰাজ্যখনৰ কেইবাখনো ঠাইত বিধায়কক আক্ৰমণৰ মুঠ 20 টা ঘটনা সংঘটিত হৈছে ৷ বিগত তিনিটাকৈ বছৰত বিজেপি আৰু চিপিআইএমৰ মুঠ 10 জন বিধায়কক আক্ৰমণ কৰা হৈছে ৷

প্ৰায় প্ৰত্যেকটো ঘটনাতে অভিযোগ দাখিল কৰা হৈছে যদিও তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচতো অভিযুক্তক বিচাৰি উলিওৱাত আৰক্ষী ব্যৰ্থ হৈছে ৷ অৱশ্যে 2018 চনৰ জুলাইৰ পৰা 2021চনৰ জুলাই লৈকে আক্ৰমণত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে মুঠ 36 জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাত সফল হৈছে ৷

চিপিআইএমৰ বিধায়ক Moboshar Ali য়ে দাখিল কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে তেওঁৰ লিখিত উত্তৰৰ জৰিয়তে আক্ৰমণৰ ঘটনা আৰু ইয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ এখন স্পষ্ট ছবি প্ৰদান কৰে ৷ দেৱৰ বিৱৰণ অনুসৰি, ৰাজ্যখনত এতিয়ালৈকে বিৰোধী চিপিআইএমৰ আঠজন বিধায়কক আক্ৰমণ কৰা হৈছে আৰু শাসকীয় দল বিজেপি আৰু আইপিএফটিৰ এজনকৈ বিধায়ক, Rampada Jamatia আৰু NC Debbarma আক্ৰমণৰ সন্মুখীন হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰতন ভৌমিক আৰু বাদল চৌধুৰীৰ দৰে কেইজনমান বিধায়কক একাধিকবাৰ আক্ৰমণ কৰা হৈছে ৷ ঘটনাবোৰৰ সন্দৰ্ভত মুঠ 20 টা গোচৰ ৰুজু কৰা হৈছে আৰু 36 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু, মুঠ 20 টা গোচৰৰ ভিতৰত 10 টাত, আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰা নাই ৷ গৃহ বিভাগৰ তথ্য মতে, পঞ্জীয়ন কৰা ২০ খন FIRত মুঠ ১৯৬ জন ব্যক্তিৰ নাম উল্লেখ আছিল ।

ৰাজ্যিক বিধানসভাই প্ৰকাশ কৰা তথ্য অনুসৰি, 2021 চনৰ 31 জুলাইলৈকে মুঠ 3,144 জন অভিযুক্ত পলাতক হিচাপে পঞ্জীয়ন কৰা হৈছিল । কিন্তু, যদি আগৰ বছৰৰ ৰেকৰ্ডৰ সৈতে তুলনা কৰা হয়, এই সংখ্যাটো নিখুঁত নহ'লেও যথেষ্ট সন্তোষজনক ৷ উল্লেখ্য যে, 2018 চনত পলাতকলোকৰ সংখ্যা 11,747 হোৱাৰ পৰিৱৰ্তে 2019 চনত এই পৰিমাণ 10,455 লৈ হ্ৰাস পাই ৷

লগতে পঢ়ক : নৱজোৎ সিং সিদ্ধুৰ পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাঁচটা কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.