নেশ্যনেল ডেস্ক, ২৯ মে': বিএছএফৰ গুলীত নিহত এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী । শেহতীয়াকৈ চাম্বা চেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ গুলীত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অনুপ্ৰৱেশকাৰীজন । কিন্তু বিএছএফ কতৃপক্ষই জনোৱা মতে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।
লাহোৰৰ ডাঙ্গাৰ বাসিন্দা চৈয়দ ৰাজা আজিম নামৰ যুৱকজনে ১৮ মে'ত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিএছএফয়ে বাৰে বাৰে দিয়া সতৰ্কবাণী উপেক্ষা কৰাৰ সময়ত একাধিক গুলীত আঘাত প্ৰাপ্ত হৈছিল ।
এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পাকিস্তানী নাগৰিকজনৰ মৃত্যু হয় । মৰণোত্তৰ পৰীক্ষাৰ পিছত শেষকৃত্যৰ বাবে মৃতদেহটো তেওঁৰ আত্মীয়সকলক হস্তান্তৰ কৰাৰ বাবে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে যোগাযোগ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে যোৱা ৫ মে'ত বিএছএফ গুলীত নিহত হৈছিল এজন অনুপ্ৰৱেশকাৰী ।
লগতে পঢ়ক:পতঞ্জলি ব্ৰেণ্ডৰ নামেৰে তেল পেকিং কৰা কাৰখানা জব্দ: ভেজালীকৰণৰ অভিযোগ