ETV Bharat / bharat

IED recovered in Pulwama: পুলৱামাত 5 কেজি ওজনৰ IED উদ্ধাৰ; এটা সন্ত্ৰাসবাদী আটক - IED blast in Kashmir

দেওবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত উদ্ধাৰ কৰা হয় প্ৰায় 5-6 কেজি ওজৰনৰ এটা IED (Kashmir latest news) ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত ৷

IED recovered in Pulwama
IED recovered in Pulwama
author img

By

Published : May 7, 2023, 10:14 PM IST

নিউজ ডেস্ক, 7 মে’: পুনৰ ৰক্তৰঞ্জিত হৈ পৰিছে জম্মু-কাশ্মীৰ ৷ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত মাত্ৰ কেইটামান দিন পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল পাঁচগৰাকী সেনাৰ জোৱান (Terrorist attack in Kashmir) ৷ ইয়াৰ বিপৰীতে শনিবাৰে সেনাৰ অভিযানত নিহত হয় দুটা কুখ্যাত সন্ত্ৰাসবাদী ৷ ৰাজৌৰী অঞ্চলত সেনাই সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে দেওবাৰে পুলৱামত সেনাৰ অভিযানত উদ্ধাৰ কৰা হৈছে এটা IED (IED recovered in Pulwama district) ৷

উল্লেখ্য যে, এটা সন্দেহজনক সন্ত্ৰাসবাদীক আটক কৰি আৰক্ষীয়ে সোধা-পোছা কৰাৰ পাচতেই পুলৱামা জিলাৰ এক স্থানৰ পৰা এটা পাঁচ কেজি ওজৰ IED উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ মন কৰিবলগীয়া যে, জম্মু-কাশ্মীৰৰ পুলৱামা অঞ্চল অতি স্পৰ্শকাতৰ অঞ্চল (Army intensify operation in Kashmir) ৷

কাশ্মীৰ জ‘ন আৰক্ষীয়ে দেওবাৰে এক টুইটযোগে কয়, "পুলৱামা আৰক্ষীয়ে এটা সন্ত্ৰাসবাদী সহযোগী ইশ্বফাক আহমেদ ৱানীক পুলৱামাৰ পৰা আটক কৰি আৰু তেওঁ প্ৰকাশ কৰা তথ্য আধাৰত অভিযান চলাই প্ৰায় ৫-৬ কিলোগ্ৰাম ওপনৰ এটা IED উদ্ধাৰ কৰি সাম্ভাব্য ভয়ংকৰ দুৰ্ঘটনা প্ৰতিহত কৰে ৷ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ৷’’

মাত্ৰ দুটা দিন পূৰ্বে IED বিস্ফোৰণৰ ফলত নিহত হৈছিল পাঁচগৰাকীকৈ সেনা জোৱান (IED blast in Kashmir) ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে শেহতীয়াকৈ কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ ক্ষেত্ৰত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চোৰাংচোৱা বাহিনী আৰু সেনা ৷ কিয়নো ৰাজৌৰী জিলাৰ ঘন বনাঞ্চলত পৃথকে-পৃথকে ক্ষুদ্ৰ-ক্ষুদ্ৰ গোটত বিভিক্ত হৈ সন্ত্ৰাসবাদীয়ে অব্যাহত ৰাখিছে কূটাঘাতমূলক কাৰ্য ৷ ইফালে, এই আক্ৰমণসমূহৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ দল কোনো এটা সন্ত্ৰাসবাদী গোটৰে আনুষ্ঠানিক সদস্য নহয় বুলি নিশ্চিত হৈছে চোৰাংচোৱা বাহিনী (Militancy in Kashmir) ৷

কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা হ’ল যে, এই সন্ত্ৰাসবাদী গোটসমূহলৈ পাকিস্তানৰ পৰা ড্ৰোণৰ জৰিয়তে IEDৰ লগতে ধন যোগান ধৰা হৈছে ৷ এই চাঞ্চল্যকৰ তথ্য বিগত পাঁচ মাৰ্চ তাৰিখে প্ৰকাশ কৰিছিল জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে ৷ জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব লগা জি-20 বৈঠকৰ প্ৰাকক্ষণত সংঘটিত হোৱা এনে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে প্ৰতিৰক্ষা বিভাগক (Security situation in Kashmir) ৷

লগতে পঢ়ক: Encounter in Baramulla : জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰত ২ টা সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.