নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰত বুধবাৰে এক সংঘৰ্ষত ভাৰতীয় সেনাৰ কৰ্ণেলসহ ৩ গৰাকীকৈ জোৱান শ্বহীদ হয় । ইয়াৰ পাছতো শান্ত হৈ থকা নাই আৰক্ষী তথা ভাৰতীয় সেনা । ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে । বুধবাৰে কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত এগৰাকী ভাৰতীয় সেনাৰ কৰ্ণেল, এজন মেজৰ আৰু এজন উপ আৰক্ষী অধীক্ষক নিহত হয় ।
নিহত বিষয়াসকলক ক্ৰমে কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক আৰু ডিএছপি হুমায়ুন ভাট বুলি চিনাক্ত কৰা হৈছে । এক্সত কাশ্মীৰ জ'নৰ আৰক্ষীয়ে এক বাৰ্তাত তিনিওগৰাকী জোৱানক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আটাইকেইজনে চলিত অভিযানৰ সময়ত সন্মুখৰ নেতৃত্ব দিছিল । নিৰাপত্তা বাহিনীয়ে অটল সংকল্পৰে উজাইৰ খানকে ধৰি ২ এলইটি সন্ত্ৰাসবাদীক আৱদ্ধ কৰি ৰাখিছে । বুধবাৰে সন্ধিয়া বুদগামত ডিএছপি হুমায়ুন মুজাম্মিল ভাটৰ শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এনকাউণ্টাৰৰ শ্বহীদসকলৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে এক এক্সৰ পোষ্টত কৈছে যে হুমায়ুন ভাটৰ লগতে কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধোনাকৰ অদম্য সাহস আৰু সৰ্বোচ্চ ত্যাগক সন্মান জনাইছে । এই শোকৰ সময়ত সমগ্ৰ ৰাষ্ট্ৰ তেওঁলোকৰ পৰিয়ালৰ সৈতে দৃঢ়ভাৱে থিয় হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।
ইফালে, মঙলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ নাৰলা অঞ্চলত আৰম্ভ হোৱা এক সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী নিহত হয় । বিষয়াসকলে জনোৱা মতে বুধবাৰে সন্ধিয়া অব্যাহত থকা এনকাউণ্টাৰৰ মাজতে নিৰাপত্তাৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ।
লগতে পঢ়ক :Encounter in JK’s Anantnag: সন্ত্ৰাসবাদীৰ গুলীত নিহত সেনাৰ কৰ্ণেল আৰু মেজৰসহ আৰক্ষীৰ উপ অধীক্ষক