নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: লাডাখৰ খাৰদুং লা টপত প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ হোৱা নাগৰিক সকলক চিয়াচেন ব্ৰিগেডৰ সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । চাৰি মাহৰ অন্তত বুধবাৰে সীমান্ত পথ সংস্থাই ঘাইপথটো যাতায়তৰ বাবে মুকলি কৰি দিছিল । কিন্তু পুৱাৰে পৰা দ্ৰাছ, মণিমাৰ্গ, সোণামাৰ্গ আৰু জোজিলা অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ বাবে যান-বাহনৰ চলাচল স্থগিত ৰখা হয় ।
ইয়াৰ মাজতে উত্তৰ পুলুৰ পৰা খাৰদুং লা টপৰ ফালে পাঁচ কিলোমিটাৰ দূৰত্বত তিনিখন বাহন বৰফৰ মাজত আৱদ্ধ হৈ পৰিছিল । উক্ত স্থানৰ পৰা দহজন নাগৰিকক উদ্ধাৰ কৰে ভাৰতীয় সেনাই । মুঠ দহজন নাগৰিক আৰু এখন স্কৰপিঅ' বাহন, জিপ আৰু এখন সৰু যাত্ৰীবাহী বাছ উদ্ধাৰ কৰে । উদ্ধাৰৰ পাছত আটাইকেইজনকে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । সেনাৰ এই প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে কৰিছে প্ৰশংসা ।