নেশ্যনেল ডেস্ক,৪ আগষ্ট : উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত শোকাৱহ ঘটনা । ভাৰত-চীন সীমান্তৰ সমীপত হোৱা এক ভূমিস্খলনত নিহত সেনা জোৱান (Army Jawan died in landslide)। এগৰাকী বিষয়াই জনোৱা মতে ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা পৰি যোৱা শিলৰ খুন্দাত সেনা জোৱানজন নিহত হয় । লগতে আন এজন জোৱানো আহত হয় ।
জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে ঘটনা সন্দৰ্ভত কয় যে জোৱান কেইজনক হৰ্ষিল উপত্যকাৰ এটা সেনা গোটত নিযুক্তি দিয়া হৈছিল । যাৰ বাবে জোৱানসকলে নেলাঙৰ পৰা হৰ্ষিললৈ খোজকাঢ়ি গৈ আছিল । সেই সময়তে তেওঁলোক শিলৰ খুন্দাত আঘাত প্ৰাপ্ত হয় (Two army jawan injured in Uttarakhand)।
শিলৰ খুন্দাত গভীৰ খাদত পৰি নিহত হোৱা সৈনিকজন সুখজিন্দৰ সিং বুলি জানিব পৰা গৈছে । আনহাতে পাটৱালে কয় যে আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জোৱানজনৰ মৃত্যুৰ লগে লগে জম্মুৰ আৰ এছ পুৰাত তেওঁৰ জন্মস্থানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক :National Herald Case : ইডিয়ে ছীল কৰিলে নেচনেল হেৰাল্ডৰ কাৰ্যালয় চৌহদ